লংকা ৰিলায়েঞ্চ তেল ডিপোত কোনো আগতীয়া জাননী নিদিয়াকৈ মইমতালিৰে গ্ৰাহকক হাৰাশাস্তি

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,২১জুনঃ তেল ভৰাবলৈ গৈ লংকাৰ ৰিলায়েঞ্চ তেল ডিপোত বৃহস্পতি বাৰে নিশা সমস্যাত পৰিবলগীয়া হল গ্ৰাহক।

কিয়নো ৫০০টকাৰ ডিজেল তেল ডিপোটোত দিয়া নহয়।

ডিপোটোত এতিয়াৰ পৰা তেল ভৰাবলৈ হ’লে ২০০০টকাৰ তেল ভৰাব লাগিব।সৰ্বনিম্ন ২০০০ টকাৰহে তেল দিব পাৰে ডিপোটোৱে।

ইয়াৰ অন্যথা ডিপোটোৰ কৰ্তৃপক্ষ অপাৰগ আপোনাক তেল দিবলৈ।সেয়েহে লংকাৰ ৰিলায়েঞ্চ তেল ডিপোত তেল ভৰাবলৈ হ’লে গ্ৰাহকে ২০০০টকাৰ নোট লগত নিয়াটো বাধ্যতামুলক।

বৃহস্পতিবাৰে নিশা তেনে এক ঘটনাই ঘটিল ডিজেল ভৰাবলৈ গৈ সমস্যাত পৰা এজন গ্ৰাহকৰ ক্ষেত্ৰত। ইয়াকে লৈ ক্ষুব্ধ হৈ পৰে গ্ৰাহকজন।

পৰবৰ্তী সময়ত গ্ৰাহকজনক ডিপোটোৰ কৰ্তৃপক্ষই ৫০০টকাৰ তেল দিয়ে যদিও অন্য এজন ব্যক্তিৰ তেলৰ শ্লিপত মিলাইহে তেল দিয়ে।

তেওঁক লগতে ডিপোটোৰ কৰ্তৃপক্ষই এখন কেচা শ্লিপ প্ৰদান কৰে।ইপিনে,ডিপোটোত কোনোধৰণৰ জাননী নিদিয়াকৈ এইধৰণে গ্ৰাহকক কৰা হাৰশাস্তিৰ বাবে স্থানীয় প্ৰশাসনৰ ওচৰত বিহিত ব্যৱস্থাৰ দাবী উত্থাপন কৰিছে ক্ষুব্ধ গ্ৰাহকসকলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here