নগাঁও আৰু কাছাৰ  কাগজ কল পুনৰুজ্জীৱিতকৰণৰ হকে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ নাগৰিক সমাজৰ

প্ৰাগজ্যোতিষ বাৰ্তা,মণীষা শৰ্মাৰ পৰা,২১জুনঃ নাগৰিক সমাজৰ হৈ ছয়জনীয়া এটি প্ৰতিনিধি দলে ১৯ জুনত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে!

এন চি এল এ টি য়ে কাগজকল দুটাৰ পুনৰুজ্জীৱিতকৰণৰ বাবে কেন্দ্ৰক দিয়া আদেশ প্ৰসংগত, নাগৰিক সমাজে মুখ্যমন্ত্ৰীক অসম চৰকাৰৰ তৰফৰ পৰা কেন্দ্ৰ্ক হেঁ‌চা দিব লৈ অনুৰোধ জনায়!

২০১৮ চনতে কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীলৈ অনুমোদনৰ বাবে পঠোৱা  পুনৰুজ্জীৱিতকৰণৰ বাবে প্ৰয়োজনীয় ২০০০০ কোটি টকাৰ আঁচনিখনৰ বিষয়ে অৱগত কৰি খৰতকীয়া অনুমোদন পোৱাত হেঁ‌চা দিবলৈও অনুৰোধ জনায়!

ইয়াৰোপৰি চিকিৎসাৰ অভাৱত মৃত্যু হোৱা ৫২জন  আৰু আৰ্থিক দৈন্যতাৰ বাবে আত্মঘাটী হোৱা ৩জন কৰ্মীৰ পৰিয়াললৈ এককালীনভাৱে দহ লাখ আৰু দুয়োটা কাগজকলৰ অভাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুব্যৱস্থা কৰি দিয়াৰ বাবেও এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে!

এই সঁ‌জাতী দলটিক প্ৰতিনিধিত্ব কৰে  মুখ্য আহবায়ক মনোৰঞ্জন বৰা, বিশিষ্ট সমাজকৰ্মী লাচিত বৰদলৈ,দিলিপ পাটগিৰি, কাছাৰ কাগজ কল আৰু নগাঁও কাগজ কলৰ  কৰ্মী ইউনিয়নৰ সাধাৰণ সম্পাদক ক্ৰ্মে মানবেন্দ্ৰ চক্ৰ্ৱৰ্তী, আনন্দ বৰদলৈ আৰু ৰামলাল ডেকাই!

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here