অম্বুবাচীলৈ অহা ভক্তসকলক সেৱা-শুশ্ৰুষা আগবঢ়াই গৈছে এটি স্বেচ্ছাসেৱী সংগঠনে

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২১জুনঃ অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে বিগত বছৰসমূহৰ দৰে এইবাৰো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মহানগৰী সাহানি কাৱাৰীয়া নামৰ এটা বেচৰকাৰী সংস্থাই।

প্ৰসাশনৰ নিৰ্দেশনা অনুযায়ী ভক্তসকলৰ খোৱা বোৱাৰ ব্যৱস্থা কৰিছে সংস্থাটোৱে। প্ৰতিবছৰৰ দৰে এইবাৰো কামাখ্যা গেটত খোৱাপানী, ৰাতিপুৱা , দুপৰীয়া আৰু নিশাৰ আহাৰ আদিৰ ব্যৱস্থা কৰিছে সাহানি কাৱাৰীয়া এন জি অই।

বৃহস্পতিবাৰে এক সংবাদমেলযোগে এই কথা জনালে সংস্থাটোৰ সভাপতি ৰবীন্দ্ৰ সাহানী , সাধাৰণ সম্পাদক ৰাজু সাহানী আৰু কোষাধ্যক্ষ ৰাজেশ প্ৰসাদে । মুঠ ৫লাখ ভক্তৰ বাবে খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে ভাণ্ডাৰাটোত।

২২ তাৰিখৰ পৰা ২৬ তাৰিখলৈ ভক্তক খাদ্য বিতৰণ কৰিব সংস্থাটোৱে। সাহানি কাৱাৰীয়া এন জি অৰ এই ভাণ্ডাৰাৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, গুৱাহাটীৰ সাংসদ কুইন ওজা।

ইফালে স্বেচ্ছাসেৱী সংগঠনটোৱে কামাখ্যা নাৰ্ছাৰীৰ পৰা ভৰলুমুখত। প্ৰতিদিনে ভক্তৰ মাজত বিতৰণ কৰিব খোৱাপানী। এই কাৰ্যত প্ৰায় ২৫০ লোক নিয়োজিত হৈ থাকিব প্ৰতিদিনে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here