ছ’চিয়েল মেডিয়াত আধ্যাত্মিক জগতখনক কলুষিত কৰা এটা ফেচবুক পোষ্টক লৈ চঞ্চল্যঃ আৰক্ষী থানাত গোচৰ ৰুজু

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,২২ জুনঃ এটা ফেচবুক পোষ্টক লৈ তৈল নগৰী ডিগবৈত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।

উক্ত ফেচবুক পোষ্টটোত আধাত্মিক জগতখনৰ লগতে ধৰ্মীয় গীত মাতক অশ্লীল ভাষাৰে কলুষিত কৰি দুজন ধৰ্মীয় গুৰু তথা ডিগবৈৰ দুটাকৈ নামঘৰৰ গুৰুৰ দায়িত্ব বহন কৰি থকা লক্ষী বৰা আৰু জোনমণি চেতিয়াক বেয়াকৈ অশ্লীল ভাষাৰে সমালোচনা কৰাৰ লগতে আধাত্মিক জগতখনক কালিমা সানিবলৈ চেষ্টা কৰিছে এটা দুষ্ট চক্ৰই।

উল্লেখ্য যে, যোৱা ১২ জুন তাৰিখে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডুৰ টিকক কলিয়ৰী নামঘৰত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰিছিল।

তাত বিচাৰকৰ দায়িত্বত আছিল ক্ৰমে মাণিক শইকীয়া, জয়ন্ত বৰা, লক্ষী বৰা আৰু জোনমণি চেতিয়া।

সেই প্ৰতিযোগিতাৰ অন্ত পৰাৰ পাছত ১৩ জুন তাৰিখৰ ফেচবুকত কোনো দুষ্ট চক্ৰই এই দুজন গুৰুক বেয়াকৈ “দিহানামৰ দালাল”, লগতে বহুতো অশ্লীল ভাষাৰে মন্তব্য দি পোষ্ট দিয়ে।

ইয়াকে লৈ ধর্মীয় সমাজত এক চাঞ্চল্য বিৰাজ কৰিছে।ফেচবুক পোষ্টটোত এটা ফোন নম্বৰ আছিল।

ইয়াৰ ওপৰত ডিগবৈত এখন এজেহাৰ দাখিল কৰিছে যাতে আইনে উক্ত চক্ৰটোৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱা হয়।

ভৱিষতে কোনোৱে যাতে দ্বিতীয়বাৰ এনেদৰে এই আধাত্মিক ধৰ্মীয় দিশটোক বিপথে পৰিচালিত কৰিবলৈ প্ৰয়াস নকৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here