বাল্য বিবাহ বন্ধ কৰালে লংকা চাইল্ড লাইনে

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২২জুনঃ বিজ্ঞানে যিমানেই উন্নতি নকৰক কিয় সমাজত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অশিক্ষাজনিত অন্ধবিশ্বাস, বাল্যবিৱাহৰ দৰে জঘন্য ঘটনা|

তেনে এক বাল্য বিবাহৰ ঘটনা সংঘটিত হয় লংকাৰ ২নং পিপলপুখুৰীত|১৪ বছৰীয়া এগৰাকী কিশোৰীক বিৱাহ দিবলৈ ওলাইছিল পৰিয়ালৰ লোকে|

পিছত, বিশেষ সূত্ৰৰ পম খেদি লংকাৰ চাইল্ড লাইনৰ সদস্যৰ তৎপৰতাত আৰু উদালী আৰক্ষীৰ সহযোগত লংকাৰ পিপলপুখুৰীৰ পৰা উদ্ধাৰ কৰে উক্ত বাল্য বিৱাহ পাশত আৱদ্ধ হ’বলগীয়া ১৪ বছৰীয়া কিশোৰীগৰাকীক|

উদ্ধাৰ কৰা কিশোৰী গৰাকীৰ শুকুৰবাৰে নিশাই আছিল বিৱাহৰ দিন।

পিচত লংকা চাইল্ড লাইনে কিশোৰী গৰাকীক উদ্ধাৰ কৰি লংকা প্ৰাথমিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাই নগাওঁৰ ষ্টেটহোমলৈ প্ৰেৰণ কৰে|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here