গোলাঘাটত আত্মসমৰ্পণ আলফা সদস্যৰ

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাটৰ পৰা উৎপল দাস, ২২জুনঃ আজি গোলাঘাটত আত্মসমৰ্পণ কৰে এজন দুধৰ্ষ আলফা সদস্যই৷

প্ৰাপ্ত খবৰ অনুসৰি নোমল চাৰা ওৰফে সীমান্ত অসম নামৰ আলফা সদস্যজনে ম্যানমাৰৰ শিৱিৰৰ পৰা পলায়ন কৰি গোলাঘাট আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

উল্লেখ্য যে, আলফা সদস্যজনে বাৰ্মিজ আৰু ভাৰতীয় সেনাৰ যুটীয়া অভিযানৰ পৰা ৰক্ষা পাবলৈ পলায়ন কৰা বুলি স্বীকাৰোক্তি দিয়ে আৰক্ষীক ৷

সদস্যজনৰ ঘৰ গোলাঘাট আৰক্ষী থানাৰ অন্তৰ্গত নাককাটি বহিখোৱা গাঁৱৰ৷আত্মসমৰ্পণকাৰী আলফা সদস্য নোমল বহিখোৱা গাঁৱৰ প্ৰয়াত বিপিন চাৰাৰ পুত্ৰ।

২০১১ চনত আলফাত যোগদান কৰি সামৰিক প্ৰশিক্ষণ লৈছিল নোমল চাৰাই।ম্যানমাৰৰ শিৱিৰত আলফাৰ হৈ কৃষি কৰ্মত নিয়োজিত হোৱাৰ লগতে নাও চালনা কৰিছিল আত্মসমৰ্পণকাৰী নোমল চাৰায়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here