ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাঙ্গণত ছাত্র-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা, ২৪ জুনঃ অসম চৰকাৰৰ শিক্ষা বিভাগে কলেজ আৰু বিশ্ববিদ্যালয়ৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিনামুলীয়াকৈ নামভৰ্তি আৰু পাঠদান সন্দৰ্ভত মাহী আইৰ দৃষ্টিৰে চাই অহা অভিযোগ তুলি সৰৱ হৈ পৰিছে অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰীসকল।

দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত বিনামুলীয়া নামভৰ্তি আৰু পাঠদানৰ ওপৰত শিক্ষা বিভাগে বান্ধি দিয়া হঠকাৰী নীতিৰ বিৰোধিতা কৰি ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল আজি প্ৰতিবাদত মুখৰ হৈ পৰে।

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে উত্তাল কৰি তুলে মহাবিদ্যালয়খনৰ চৌহদ।

উল্লেখ্য যে যোৱা ২৯ মে দিনা ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি, যি সকল ছাত্র ছাত্ৰীৰ অভিভাৱকৰ বাৰ্ষিক আয় দুই লাখ টকা আৰু যিসকল ছাত্র-ছাত্ৰীয়ে মহাবিদ্যালয়ত ৭৫% ৰ ওপৰত উপস্থিত থাকিব আৰু যিসকল ছাত্র-ছাত্ৰীৰ কোনো ধৰণৰ বেক নাই, সেই ছাত্র ছাত্ৰীক ৰাজ্য চৰকাৰে বিনামূলীয়া নাম ভৰ্তিৰ সুবিধা প্ৰদান কৰিব তাকে লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ডিগবৈ মগবিদ্যালয়টো।

ছাত্র সমাজৰ দ্বাৰা ক্ষোভ প্ৰকাশ তথা আসোঁৱাসসমূহ দূৰ কৰিবলৈ অসম চৰকাৰক আহ্বান৷

ছাত্ৰ সমাজৰ স্বাৰ্থ বিঘ্নিত হোৱা কাম কৰাৰ পৰা বিৰত থাকিবলৈ সঁকিয়নী শিক্ষামন্ত্ৰী ডাঙৰীয়াক৷

তেওঁলোকৰ এই দাবী চৰকাৰ তথা শিক্ষা বিভাগে মানি ন’ললে আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদী ছাত্রসকলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here