লেখাপানীত ভয়ংকৰ পথদুৰ্ঘটনা

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়া , ২৪ জুনঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানী থানাৰ অন্তৰ্গত লেখাপানীৰ ২৫ ছেক্টৰৰ সমীপত দেওবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।

প্ৰাপ্ত খৱৰ মতে ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ৰখাই থোৱা As-23-3534 নম্বৰ এখন পালচাৰ বাইকত খুন্দা মাৰে নম্বৰ প্লেট বহীন এখন বলেৰ গাড়ীয়ে ।

ফলত পালছাৰ বাইকখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ক্ষতি সাধন হয়।

জানিব পৰা মতে, লিডুৰ পৰা দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’ গাড়ীখন তিৰাপ গেট অভিমুখে তীব্ৰ বেগত আহি আছিল ।

দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই যদিও পালচাৰ বাইকখনৰ ক্ষতিগ্ৰস্ত হয় ।

দুৰ্ঘটনা সংঘটিত কৰি দুৰ্ঘটনা স্থলীতে গাড়ী এৰি পলায়ন কৰে গাড়ীখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনে । দুৰ্ঘটনা স্থলীত তদন্তৰ বাবে নিশাই উপস্থিত হয় লিডু আৰক্ষী।

আৰক্ষীয়ে গাড়ীখনৰ গৰাকী, ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here