প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৪জুনঃ লংকাত আৰক্ষী আৰু বনবিভাগৰ মাজত যুদ্ধ সদৃশ পৰিবেশ|
নখুটী বিট অফিচত কেজুৱেলত কৰ্মৰত বন কৰ্মী আব্দুল কালাম লস্কৰক আটক কৰে নখুটী আৰক্ষীয়ে|
আব্দুল কালামক থানাৰ পৰা জামিন লৈ উলিয়াবলৈ যোৱা নখুটীৰ বিট অফিচাৰকো আটক কৰাৰ ধমকি নখুটী আৰক্ষী চকীৰ আই চিৰ|
পিছত ওৰে নিশা আব্দুল কালামক আৰক্ষী চকীত ৰাখি নিশা মাৰধৰ কৰি আঠ হাজাৰ টকাৰ বিনিময়ত পূৱা এৰি দিয়ে|ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৱা শুকুৰবাৰে লংকা আঞ্চলিক বন বিষয়াৰ অন্তৰ্গত নখুটী বিট অফিচাৰ মনোজ শৰ্মা সহ এক সজাতি দলে লামডিং বনাঞ্চলত চলাইছিল এক অভিযান|
উক্ত অভিযানত দুষ্কৃতিকাৰীৰ পৰা বন কৰ্মীয়ে দুটাকৈ অত্যাধুনিক কাঠ ফলা যন্ত্ৰ জব্দ কৰি নখুটী বিট অফিচৰ দিশে লৈ অহা সময়তেই আধা বাটত দুষ্কৃতিকাৰীৰ এটা দলে বন কৰ্মীসকলক আগচি ধৰি কাঠ ফলা যন্ত্ৰ দুটা নিবলৈ চেষ্টা কৰে যদিও বন কৰ্মী আব্দুল কালাম লস্কৰে দুষ্কৃতিকাৰীৰ পৰা বহু কষ্টৰে কাঠ ফলা যন্ত্ৰ দুটা উদ্ধাৰ কৰি নখুটী বিট অফিচলৈ লৈ আহে|
পিছত নখুটী আৰক্ষীয়ে কেজুৱেল লেৱাৰত কৰ্মৰত বন কৰ্মী আব্দুল কালাম লস্কৰক নিজ ঘৰৰ পৰা উঠাই আৰক্ষী চকীলৈ লৈ আহে|
আনহাতে উক্ত খৱৰ নখুটী বিট অফিচাৰে অৱগত হৈ ঘটনা সন্দৰ্ভত বুজ লবলৈ নখুটী পহৰা চকীলৈ যোৱাত নখুটী আই চিয়ে বিট অফিচাৰকো আটক কৰাৰ ধমকি দি ঠেলা -গতা দিয়ে|
পিছত আটকাধীন বন কৰ্মী আব্দুল কালামক খাকি পোছাক গাৰ পৰা খুলি ওৰে নিশা মাৰপিট কৰি পূৱা আঠ হাজাৰ টকাৰ বিনিময়ত আৰক্ষীয়ে মোকোলাই দিয়ে|
উল্লেখ যে, নখুটী বিট অফিচাৰ মনোজ শৰ্মাই বিগত দুই মাহত ৫টাকৈ অত্যাধুনিক কাঠ ফলা যন্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়| উক্ত কাঠ ফলা মিলকেইটাৰ মূল্য প্ৰায় চাৰি লাখ টকা মান হ’ব |
এতিয়া প্ৰশ্ন হয়, অসম চৰকাৰৰ দুটা বিভাগৰ কৰ্মীৰ মাজত যদি এনে যুদ্ধ সদৃশ পৰিবেশ হয়, তেতিয়াহলে সমাজৰ উন্নতি হৱনে ? য’ত বন কৰ্মীয়ে দুষ্কৃতিকাৰীৰ পৰা অত্যাধুনিক কাঠ ফলা মিল জব্দ কৰাত আৰক্ষীয়ে দুষ্কৃতিকাৰীৰ সপক্ষে বন কৰ্মীৰ ওপৰতহে আইনী ব্যৱস্থা গ্ৰহণ কৰাটো কিমান দূৰ সমীচিন সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে |