ডবকা আৰক্ষী থানাৰ তদন্তকাৰী বিষয়া দুন মুন তেৰাঙক বিদায় সম্বৰ্ধনা

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৪জুনঃ হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ তদন্ত কাৰী বিষয়া দুন মুন তেৰাঙক ডবকাবাসী ৰাইজে অতি দুখেৰে বিদায় সম্বৰ্ধনা জনায়।

ডবকা বাসী ৰাইজৰ মনৰ দুখ এইটোৱেই যে এজন নিষ্টাবান,সৎ,সাহসী আৰু সকলোকে সমান দৃষ্টিৰে দেখা ব্যক্তি ডবকাবাসী ৰাইজৰ মাজৰ পৰা বিদায় লোৱাত এক শোকাৱল পৰিস্থিতিৰ সৃষ্টি হয়।

বিষয়া জনে জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৰে মাজত ভাতৃত্ব বজায় ৰাখি আজি ডবকাৰ আৰক্ষী থানাৰ পৰা বিদায় গ্রহণ কৰাত ডবকাবাসী ৰাইজে মনত দুখ পাইছে বুলি একাংশ ৰাইজে মন্তব্য আগবঢ়াইছে।

ডবকা বাসী ৰাইজে বিষয়াজনক পুনৰ ডবকাবাসী ৰাইজৰ মাজত বিচাৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here