বস্তু চাফা কৰাৰ আচিলা লৈ সোণ লুটৰ প্ৰচেষ্টা কৰা বিহাৰৰ দুই প্ৰৱঞ্চকক লংকাত ৰাইজে ধৰি গতালে আৰক্ষীক

প্ৰাগজ্যোতিষ বাৰ্তা, লংকা,২৪জুনঃ বস্তু চাফা কৰা পাউদাৰ বিক্ৰী কৰিবলৈ অহা লোকৰ পৰা সাৱধান হওক।

নহ’লে বস্তু চাফা কৰাৰ নমুনা দেখুৱাবলৈ গৈ আপোনাৰ ঘৰৰপৰা মূল্যবান সা-সামগ্ৰী এনে প্ৰৱঞ্চকৰ দলে লুট কৰি নিলেও আপুনি তলকিবই নোৱাৰিব পাৰে।

গতিকে সাৱধান।সম্প্ৰতি বহিঃৰাজ্যৰ পৰা অহা এচাম প্ৰৱঞ্চকৰ দলে নগৰে-চহৰে,গাঁৱে-ভূঁঞে পিয়াপি দি ফূৰিছে।

সোমবাৰে পুৱা বহিঃৰাজ্যৰ তেনে এক প্ৰৱঞ্চকৰ দলৰে দুজন সদস্যই লংকা চহৰৰ ১০নংৱাৰ্ডৰ জয়ৰাম বস্তিৰ বুলন্দ বেৰ্নাজী নামৰ লোকজনৰ ঘৰত বস্তু চাফা কৰাৰ পাউদাৰ বিক্ৰী কৰিবলৈ যায়।

প্ৰথমে লোকজনৰ ঘৰত বাচন চাফা কৰি দেখুৱাৰ লগতে লোকজনে হাতত পিন্ধি থকা এডাল খাৰু চাফা কৰি দেখুৱাই।

পাছত লোকজনৰ পত্নীৰ সোণৰ চেইন চাফা কৰে।কিন্তু ২তোলা সোণৰ চেইনডাল পাতল-পাতল দেখাত সন্দেহবশতঃ লোকজনৰ লগতে তেওঁৰ পত্নীয়ে শোধপোচ কৰাত দুই প্ৰৱঞ্চকৰ আচল স্বৰূপ ওলাই পৰে।

লগে-লগে ওচৰ-চুবুৰীয়া লোক উপস্থিত হোৱাত বিহাৰৰ দুই প্ৰৱঞ্চক ক্ৰমে চন্দ্ৰশেখৰ শ্বাহ আৰু সন্তোস শ্বাহক ধৰি লংকা আৰক্ষীক গতাই দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here