হাজোত বলিদান দিৱস উদযাপন

প্ৰাগজ্যোতিষ বাৰ্তা,হাজো,২৪জুনঃ ২৩ জুন তাৰিখে সমগ্ৰ ভাৰত ৰাষ্ট্ৰৰ লগতে ভাৰতীয় জনতা পাৰ্টি,হাজো মণ্ডলৰ উদ্যোগত মহান পুৰুষ শ্যামা প্ৰসাদ মূখাৰ্জীৰ পূণ্য মৃত্যু তিথি উপলক্ষে “বলিদান দিৱস” উদযাপন কৰা হয়|

উক্ত অনুষ্ঠানটিৰ নেতৃত্ব বহন কৰে ভাৰতীয় জনতা পাৰ্টি,হাজো মণ্ডলৰ সভাপতি নৱজ্যোতি দাসে|

অনুষ্ঠানটিত উপস্থিত থাকে অসম ৰাজ্যিক বিজেপিৰ নিমন্ত্ৰিত সদস্য জিতেন্দ্ৰ পটোৱাৰী (জিতু),অসম ৰাজ্যিক বিজেপি অ,বি,চি মৰ্চাৰ সম্পাদক কল্যাণ দাস,উত্তৰ কামৰূপ জিলাৰ উপ সভাপতি বিপুল দাস, হাজো মণ্ডলৰ উপ সভাপতিদ্বয়

শৰত নায়ক আৰু বিষ্ণু পাঠক, ভাৰতীয় জনতা যুৱ মৰ্চা উত্তৰ কামৰূপ জিলাৰ সম্পাদক অজিতাভ দাস, এছ,চি মৰ্চা উত্তৰ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক বিকাশ দাস লগতে শতাধিক বিজেপি কৰ্মী|

অনুষ্ঠানটিত শ্যামা প্ৰসাদ মূখাৰ্জী দেৱৰ জীৱন আৰু দৰ্শন সম্পৰ্কে বিষদভাৱে আলোচনা কৰা হয়|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here