বিপ্লৱী বীৰ শংকৰ বৰুৱা আৰু প্ৰজ্ঞাশ্ৰী আৰতি শইকীয়াৰ প্ৰতিমূৰ্ত্তি উন্মোচন  

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস,২৩ জুনঃ গোলাঘাটত কালি বিপ্লৱী বীৰ শংকৰ বৰুৱা আৰু সমাজ ৰত্ন , প্ৰজ্ঞাশ্ৰী আৰতি শইকীয়াৰ পূৰ্ণাঙ্গ  প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হয় ।

গোলাঘাট  পৌৰসভাৰ শংকৰ বৰুৱা পৌৰ উদ্যানত বিল্লৱী গৰাকীৰ প্ৰতিমূৰ্ত্তিৰ পুনৰ উন্মোচন কৰে গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে ।

বিপ্লবী বীৰ শংকৰ বৰুৱাৰ জেষ্ঠ পুত্ৰ কেশব বৰুৱাই বন্তী প্ৰজ্জলন কৰা অনুস্থানটোত  গোলাঘাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি সোণাৰাম চুতীয়া আৰু কাৰ্যকৰী সভাপতি ভোলা সন্দিকৈ সন্মানীয় অতিথি ৰূপে উপস্থিত আছিল।

ভাৰপ্ৰাপ্ত পৌৰপতি জুৰি দাস ৰাজখোৱাই আতঁ ধৰা উন্মোচনী অনুস্থানত বিপ্লবী শংকৰ বৰুৱা পৌৰ উদ্যান আৰু প্ৰতিমূত্তি সম্পৰ্কত বক্তব্য প্ৰদান কৰে  প্ৰাক্তন পৌৰপতি তথা শংকৰ বৰুৱাৰ  কনিষ্ট পুত্ৰ ডাঃ অজিত বৰুৱাই।

অনুস্থানত শংকৰ বৰুৱাৰ পুত্ৰ  জীতেন বৰুৱা গোলাঘাট মিডিয়া ফৰামৰ সভাপতি  দ্বীপেন দত্ত, গোলাঘাট নাগৰিক মঞ্চৰ সভাপতি তিলেশ্বৰ তামুলি , গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ সভাপতি ডাঃ মানস ৰয়, প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰা ভাস্কৰ্য শিল্পী ড০ ৰঞ্জিত বৰুৱাৰ উপৰিও গোলাঘাটৰ কেইবাগৰাকীও  বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

উল্লেখ্য যে সেই স্থানতে থকা বিপ্লবীগৰাকীৰ প্ৰতিমূৰ্ত্তি দুবছৰৰ পূৰ্বে কোনো দুস্কৃতীকাৰীয়ে দুবাৰকৈ আঘাত কৰি ভাঙিবলৈ চেষ্টা কৰিছিল।

যাৰ পৰিপ্ৰেক্ষিতত বিধায়িকা অজন্তা নেওগৰ সমষ্টি উন্নয়ন পুঁজিৰ দ্বাৰা দ্বিতীয়বাৰলৈ বিপ্লবীগৰাকীৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰা হয়।

অন্যহাতে  আজি গোলাঘাট জিলা মহিলা সমিতিৰ চৌহদত সমাজ ৰত্ন , আৰতি শইকীয়াৰ পূৰ্নাঙ্গ আৱক্ষ   প্ৰতিমূৰ্ত্তি উন্মোচন কৰে গোলাঘাট সমষ্টিৰ বিধায়িকাগৰাকীেয়। উন্মোচনী অনুস্থানত আৰতি শইকীয়াৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে বিশিষ্ট নিবন্ধকাৰ ডাঃ অজিত বৰুৱাই।

প্ৰতিমূৰ্ত্তি উন্মোচন কৰি এগৰাকী মহিমাময়ী মাতৃ বুলি অভিহিত কৰি আৰতি শইকীয়াৰ বহুমুখী ব্যক্তিত্বৰ সম্পৰ্কত  শ্ৰদ্ধাৰে স্মৰণ কৰে।

জিলা মহিলা সমিতিৰ সভানেত্ৰী জুৰি দাস ৰাজখোৱাৰ সভাপতিত্বত অনুস্থিত উন্মোচনী অনুস্থানত অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী স্বৰ্ণ বৰুৱা গগৈ, গোলাঘাট মিডিয়া ফৰামৰ সভাপতি দ্বীপেন দত্ত, বিশিষ্ট শিক্ষাবিদ ড০ লুকুমনি গোস্বামী, শাখা সাহিত্য সভাৰ সভানেত্ৰী অপৰাজিতা বৰুৱা , আৰতি শইকীয়াৰ জীয়াৰী নবনিতা শইকীয়া হাজৰিকা আদিয়ে বক্তব্য প্ৰদান কৰে ।

গোলাঘাট মিডিয়া ফৰামৰ কাৰ্যকৰী সভাপতি অপূৰ্ব বল্লভ গোস্বামী, ভাস্কৰ্য শিল্পী ড০ ৰঞ্জিত বৰুৱা , আৰতী শইকীয়াৰ পুত্ৰ নন্দন শইকীয়া আদি ব্যক্তিসকলৰ উপৰিও গোলাঘাটৰ বিশিষ্ট নাগৰিকসকল উপস্থিত থকা অনুস্থানটোৰ আতঁধৰে মহিলা সমিতিৰ সম্পাদিকা ৰূপা শইকীয়াই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here