গোলাঘাট জিলা যুৱ মৰ্চাৰ উদ্যোগত বলিদান দিৱস

প্ৰাগজ্যোতিষ বাৰ্তা,গোলঘাট,২৩জুনঃ সমগ্ৰ দেশৰ লগতে বিজেপি যুৱ মৰ্চা,গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাটতো দিনজোৰা কাৰ্যসূচীৰে ‘বলীদান দিৱস’ উলযাপন কৰা হয় ।

ভাৰতীয় জন-সংঘৰ প্ৰতিষ্ঠাপক সভপতি ড°শ্যামাপ্ৰসাদ মূখাৰ্জীৰ মৃত্যু তিথিৰ দিনটো আজি গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত গাম্ভীৰ্যপূৰ্ণভাৱে পালন কৰি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে ।

কাৰ্যসূচীৰ আৰম্ভণিতে শ্যামাপ্ৰসাদ মূখাৰ্জীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিজেপি,গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱজিৎ বৰাই ।

এই উপলক্ষে অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত জিলা সভাপতি বৰাই বৰেণ্য ব্যক্তিগৰাকীৰ গৌৰৱম জীৱন পৰিক্ৰমা শ্ৰদ্ধাৰে স্মৰণ কৰি জীৱনাদৰ্শৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে।

তেওঁ কয় যে, শ্যামাপ্ৰসাদ মূখাৰ্জীয়ে ভাৰতীয় জন-সংঘক নিষ্ঠা আৰু সততাৰে সৱল নেতৃত্ব প্ৰদান কৰি এক আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰি গৈছে।

এখন দেশত এক বিধান,এক নিচান আৰু এক প্ৰধান থাকিব লাগিব বুলি কাশ্মীৰক সংবিধানৰ ৩৭০ ধাৰাৰ অধীনত বিশেষ অধিকাৰ প্ৰদান কৰাত তেওঁ বিৰোধিতা কৰিছিল আৰু ইয়াৰ বাবেই তেওঁ কাশ্মীৰ কাৰাগাৰত বন্দী হৈ আত্ম-বলিদান দিবলগীয়া হৈছিল।

তেওঁৰ আত্মবলীদানৰ বিৰল আদৰ্শৰে উদ্বুদ্ধ হ’বলৈ নৱপ্ৰজন্মক আহ্বান জনায় জিলা সভাপতি দেৱজিৎ বৰাই। সভাত অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰা উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

অনুষ্ঠানটোত মুখ্যবক্তা হিচাবে উপস্থিত থকা সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা ড° প্ৰেম বৰাই বিস্তৃতভাৱে ড°শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জীৱন আৰু আদৰ্শৰ বিষয়ে অৱগত কৰে।

সভাত আদৰণি ভাষণ প্ৰদান কৰে যুৱ মৰ্চাৰ জিলা সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰে।জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক বিক্ৰম সেন গগৈয়ে আঁতধৰা সভাত জিলা বিজেপিৰ বিষয়ববীয়া,জিলা যুৱ মৰ্চাৰ বিষয়ববীয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

অন্যহাতে গোলাঘাট জিলাৰ কঠালগুৰি,পদুমনি,উত্তৰ মণ্ডল,বোকাখাত,মৰঙী,সৰুপথাৰ,গমাৰী,দেৰগাঁও আৰু গোলাঘাট নগৰ মণ্ডলৰ কাৰ্যকৰ্তাসকলেও নিজ-নিজ অঞ্চলত বলীদান দিৱস উদযাপন কৰে বুলি জিলা মিডিয়া কোষৰ আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীয়ে এক বিবৃতিযোগে জানিবলৈ দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here