গোলাঘাট আৰক্ষীৰ অভিযানঃ বাইকসহ তিনি গভাইত চোৰক গ্ৰেপ্তাৰ

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট, ২৪ জুনঃ গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে দেওবাৰে তিনিটা গভাইত বাইক চোৰৰ লগতে এটা ভুৱা DTO ক আটক কৰে৷

ভুৱা DTO ৰূপী অৰূপ বৰুৱা নামৰ লোকজনৰ ঘৰ যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কাকজান কমাৰহাটত৷

যোৰহাটৰ পৌৰবজাৰৰ G-SI নং ৰুমত ভূৱা DTO কাৰ্যালয় খুলি বাইক-স্কুটিৰ নম্বৰপ্লেট; অবিকল আৰ চি কাৰ্ড তৈয়াৰ কৰি গাড়ী চোৰক যোগান ধৰি ৰমৰমীয়া অবৈধ ব্যৱসায় চলাই আহিছিল ৫০ বছৰীয়া অৰূপ বৰুৱা নামৰ লোকজনে৷

বৰুৱাৰ এই অবৈধ কাৰ্যালয়টোৰ পৰা আৰক্ষীয়ে এটা কম্পিউটাৰ চেট ,দহখন আৰ চি, কেইবাখনো ব্লেংক আৰ চি জব্দ কৰে৷

ইফালে সৰুগুৰি চাপৰিৰ বিড়কুচি দলে, চৰগুৰি চাপৰিৰ বিজয় পেগু আৰু দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গেন্ধালি তিনিআলিৰ অজো পেগু নামৰ তিনিটা গভাইত চোৰক আটক কৰে৷

এই চোৰকেইটাৰ পৰা এখন বুলেট, দুখনখন পালচাৰ, এখন স্কুটী উদ্ধাৰ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here