বনগাওঁ চ’লা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আলোচনী ‘সূৰ্যোদয়’ লৈ শ্ৰেষ্ঠ সন্মান

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট,২৪ জুনঃ গোলাঘাট জিলাৰ অন্যতম শিক্ষানুষ্ঠান বনগাঁও চ’লা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক আলোচনী ‘সূৰ্যোদয়’য়ে অলপতে কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাই গোলাঘাট জিলা ভিত্তিত অনুষ্ঠিত কৰা উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ মুখপত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ মুখপত্ৰৰ খিতাপ অৰ্জন কৰি বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈও গৌৰৱ কঢ়িয়াই আনে৷

দেওবাৰে কমাৰগাঁৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত আনুষ্ঠানিকভাৱে এই সন্মান গ্ৰহণ কৰে বিদ্যালয়খনৰ বিষয় শিক্ষয়িত্ৰী গিৰিমল্লিকা শইকীয়াই৷

উল্লেখ্য যে ১৯৭২ চনৰ পৰা প্ৰকাশ পাই অহা বিদ্যালয়খনৰ বাৰ্ষিক মুখপত্ৰ
‘সূৰ্যোদয়’ক এইবাৰ বিদ্যালয়খনৰ শিক্ষয়িত্ৰী গিৰিমল্লিকা শইকীয়াৰ তত্বাৱধানত ন-ৰূপত সজাই তোলা হৈছিল৷

বিদ্যালয়খনৰ বাৰ্ষিক আলোচনীখনে সুদীৰ্ঘ ৪৭ বছৰৰ অন্তত শ্ৰেষ্ঠ সন্মান লাভ কৰাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক দিলীপ ফুকনে সন্তোষ প্ৰকাশ কৰাৰ লগতে আলোচনীখনৰ সৈতে জড়িত সকলোলৈকে অভিনন্দন আৰু ধন্যবাদ জনায়৷

মনকৰিবলগীয়া যে গ্ৰামাঞ্চলৰ এই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ন ন পদ্ধতি অৱলম্বন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, মানসিক বিকাশৰ লগতে কলা সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত আগবঢ়াই নিয়া প্ৰচেষ্টা চলাই আহিছে৷

শিক্ষকসকলৰ এনে প্ৰচেষ্টাক লৈ বিদ্যালয়খনৰ পৰিচালনা সমিতি, অভিভাৱকে ধৰি স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে শলাগ লৈছে৷

উল্লেখ্য যে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত দুৰ্বানন্দ গগৈৰ সোঁৱৰণত অনুষ্ঠিত এই প্ৰতিযোগিতাত জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ ২০১৮ বৰ্ষৰ বাৰ্ষিক আলোচনীয়ে যোগদান কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here