উখল মাখল কামাখ্যা ধাম    ২৪ ঘণ্টাই ভক্তলৈ বিনামূলীয়া পানী যোগান ,স্বেচ্ছাসেৱী অনুষ্ঠানৰ

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২৫জুনঃ শক্তিৰ অধিষ্ঠাতৃ দেৱী মা কামাখ্যা ধামত এতিয়া উখল -মাখল  পৰিবেশ।

মত বিশ্বাসত এই  সময়ত দেৱী ৰজস্বলা হয় আৰু এই সময়ত  দেৱী কামাখ্যাৰ সিদ্ধি লাভ কৰিলে ভক্তৰ মংগল হয়।

পঞ্জিকাৰ তথ্য অনুসৰি  ২২জুন শনিবাৰে পুৱতি নিশা ১.৪৬.২২ অম্বুবাচী প্রবৃত্তি হয় আৰু ২৬ তাৰিখ বুধবাৰে  দিনৰ ২.১৬ মিনিটত  অম্বুবাচী নিবৃত্তি হ’ব যদিও  শনিবাৰে পুৱা ৭ বজাতে মন্দিৰৰ  মূল দুৱাৰ  খুলিব বুলি দেৱালয়ৰ দলৈ সমাজে  জনাইছে।

পূৰ্বৰ দৰে এই বেলিও  লাখ লাখ ভক্তৰ সমাগম হৈছে। দেশী বিদেশী পৰ্য্যটকৰে লোকে লোকাৰণ্য হৈ পৰিছে কামাখ্যা ধাম।

ভক্তসকললৈ বিভিন্ন স্বেচ্ছাসেৱী  অনুষ্ঠান সমূহে খোৱা পানী ,খাদ্যৰ যোগান ধৰিছে যাৰ ফলত ভক্তসকলে খোৱা খাদ্যৰ  অভাৱ অনুভৱ কৰিব লগা হোৱা নাই ।

আনহাতে  কামাখ্যা হাইস্কুল প্ৰাংগণত  ২৪ ঘণ্টাই  অম্বুবাচীৰ আৰম্ভণিৰ  দিনাৰ পৰাই  বিনামূলীয়া পানী যোগান ধৰি আহিছে সমৃদ্ধি নামৰ বেচৰকাৰী সংস্থাটোৱে।সংস্থাটোৰ এনে পদক্ষেপক শলাগ লৈছে ভক্তগণে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here