মাৰ্ঘেৰিটাত প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিকৃতি দাহ বিজেপি

প্ৰাগজ্যোতিষ বাৰ্তা তিনিচুকীয়া ,২৬ জুনঃ বৰ্তমানৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ তথা মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ মাৰ্ঘেৰিটাত সম্বৰ্ধনাৰ বাবে উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কয়লাৰ অবৈধ ছিণ্ডিকেটৰ সৈতে সাঙুৰি, তেওঁ কপালত ফোট লোৱাৰ আধ্যাত্মিক বিশ্বাসক ইতিকিংসূচক মন্তব্য কৰাৰ প্ৰতিবাদত ২৫ জুনত মাৰ্ঘেৰিটাত বিজেপিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিজেপি সদৰ মণ্ডল আৰু ব্লক মণ্ডলৰ উদ্যোগত মাৰ্ঘেৰিটা চহৰত সাংসদজনৰ প্ৰতিকৃতি দাহ কৰা হয় ।উক্ত প্ৰতিবাদী কাৰ্যসূচীত পাঁচ শতাধিক দলীয় নেতা কৰ্মী উপস্থিত থাকে।

বিজেপি দলীয় নেতা- কৰ্মীসকলে হাতে-হাতে প্ৰদ্যুৎ বৰদলৈ মুৰ্দাবাদ , প্ৰদ্যুৎ বৰদলৈ জনজাতীয় নেতা হত্যাকাৰী , কয়লা ছিণ্ডিকেটৰ নায়ক , নাৰী কেলংকাৰীত জড়িত আদি লিখা বিভিন্ন প্লেকাৰ্ড লৈ প্ৰতিবাদত অংশ লোৱাৰ লগতে বৰদলৈ বিৰূদ্ধে বিভিন্ন শ্ল’গান দি মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

বিজেপি দলৰ মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ সভাপতি ভাদেশ্বৰ মৰাণ আৰু ব্লক মণ্ডলৰ সভাপতি ভৱেশ দত্তই প্ৰদ্যুৎ বৰদলৈ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

সভাপতিদ্বয়ে কয় যে ফোট লোৱাটো মূখ্যমন্ত্ৰীজনৰ সংবিধান প্ৰদত্ত অধিকাৰ ।এই সামান্যতম জ্ঞানৰো অভাৱ হোৱা উচ্চ শিক্ষিত বৰদলৈয়েে ফোট লোৱাক লৈ কৰা মন্তব্যই সেই বিশেষ আধ্যাত্মিক আদৰ্শত বিশ্বাসী লোকক আঘাট হনা বুলি মন্তব্য কৰে।

মাৰ্ঘেৰিটা পৰা পলায়ন কৰি ন-অসমীয়া(?) ভোটেৰে নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হোৱা বৰদলৈয়ে অসমীয়া আধ্যাত্মিক বিশ্বাসক অনুভৱ কৰিব নোৱাৰাটোৱেই স্বাভাৱিক বুলি নেতাদ্বয়ে কয়।

অসমৰ মুখ্যমন্ত্ৰীজনক মাৰ্ঘেৰিটা অবৈধ কয়লা ছিণ্ডিকেটৰ লগত সাঙুৰিবলৈ বৰদলৈয়ে কৰা মন্তব্য অতি হাস্যকৰ, এই মন্তব্য কৰে মাৰ্ঘেৰিটা বিজেপি নেতৃত্বই।

বিজেপিৰ মতে প্ৰদ্যুৎ বৰদলৈয়েহে নিজৰ ১৫ বছৰীয়া কাৰ্যকালত মাৰ্ঘেৰিটাত অবৈধ কয়লা খননৰ পৃষ্ঠপোষকতা কৰি ৰাষ্ট্ৰীয় সম্পদৰ অবাধ লুণ্ঠন চলাইছিল।

বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে কলা বেহা আৰু দুনীতি ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাত বৰদলৈৰ অবৈধ কলা সাম্ৰাজ্য ধ্বংসৰ দিশে গতি কৰাত বৰদলৈয়ে এনে প্ৰলাপ বকিছে বুলি কয় বিজেপিৰ মাৰ্ঘেৰিটাৰ নেতৃত্বই।

মাৰ্ঘেৰিটা বিজেপি নেতৃত্বই জনজাতীয় নেতা প্ৰসন্ন তুৰুং দম্পতিৰ নিখোঁজৰ ঘটনাৰ পুনৰ তদন্ত আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অনুৰোধ জনাইছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here