www.pragjyotishassam.com কিয়?

বিশ্বৰ জনসাধাৰণৰ মাজত শিক্ষা, জ্ঞান তথা দ্ৰুত বাৰ্তাৰ প্ৰচাৰৰ ক্ষেত্ৰত ‘ৱেব পোৰ্টেল’ৰ ভূমিকা আজি সৰ্বমান্যতা প্ৰাপ্ত। আজিৰ দ্ৰুত গতিৰ জীৱন শৈলীত পোৰ্টেল অতিশয় প্ৰয়োজনীয় মাধ্যম।

এই দ্ৰুত গতিৰ বিশ্বত যিকোনো ব্যস্ত ব্যক্তিয়েই ঘন্টাৰ পিচত ঘন্টা জুৰি সময় ব্যয় কৰি দূৰদৰ্শনৰ সন্মুখত বহি বা বাতৰি কাকত পঢ়ি সাম্প্ৰতিক বিশ্বৰ জ্ঞান আহৰণৰ বা প্ৰয়োজনীয় খবৰ সংগ্ৰহৰ অৱকাশ নাথাকিবও পাৰে।

এই সময়ৰ অভাৱকণৰ ক্ষতিপূৰণ কৰিব পাৰে একমাত্ৰ ‘নিউজ পোটেলসমূহে৷

হাতৰ মোবাইল ফোনৰ জৰিয়তেই তেনে একোগৰাকী ব্যস্ত ব্যক্তিয়েও ‘নিউজ পোটেল’ৰ জৰিয়তে বিশ্বৰ ভিন্ন বা-বাতৰিৰে নিজকে পৰিপুষ্ট কৰি তুলিব পাৰে৷

এনেবোৰ সুবিধাৰে জনসেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰেই প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টেও নকৈ গঢ়ি তুলিছে এটা নিউজ পোৰ্টেল www.pragjyotishassam.com৷

যোৱা এটা দশকজুৰি প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিক আৰু যোৱা সাতমাহ ধৰি প্ৰকাশিত হৈ থকা ইংৰাজী সাপ্তহিক ‘ঈশান দৰ্পন’ৰ জৰিয়তে অসমৰ সংবাদ জগতত এক বলিষ্ট ভূমিকা ল’বলৈ সক্ষম হোৱাৰ পিছত ট্ৰাষ্টৰ শেহতীয়া প্ৰচেষ্টা এই ‘নিউজ পোৰ্টেল’টোৱেও মুখৰোচক বাতৰি প্ৰকাশৰ বিপৰীতে শুদ্ধ সত্য নিষ্ঠ বাতৰি প্ৰকাশ তথা সমাজৰ প্ৰকৃত হিত সাধনৰ উদ্দেশ্যেৰেই অগ্ৰসৰ হ’ব৷

আশা ৰাখিছো সাপ্তাহিক কাকত দুখনৰ দৰে এই পোৰ্টেলটোৱেও জনপ্ৰিয়তাৰে শীৰ্ষত আৰোহণ কৰিব৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here