প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট,২৬ জুনঃ অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা লেখক সুৰেন্দ্ৰনাথ ৰাজকুমাৰৰ “অতীত বুৰঞ্জীৰ পম খেদি গোলাঘাট” শীৰ্ষক গ্ৰন্থখনি মঙ্গলবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়৷
গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটীৰ প্ৰেক্ষাগৃহত এই উপলক্ষে বিশিষ্ট শিক্ষাবিদ, সাংবাদিক উপেন দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট বিজ্ঞানী ড০ চৌধুৰী নাথ শইকীয়াই৷
এটি বৰগীতেৰে আৰম্ভ কৰা গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট লেখক ডাঃ অজিত বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ খগেন ফুকন, অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ভৱেন গোঁহাই, গোলাঘাট মিডিয়া ফ’ৰামৰ সভাপতি দ্বীপেন দত্ত, কাৰ্যকৰী সভাপতি অপূৰ্ব বল্লভ গোস্বামী, গোলাঘাট জিলা চৰকাৰী পেঞ্চনাৰ সন্থাৰ সভাপতি জীতেন কাকতি, গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ বন্তিৰাণী গগৈ ফুকন, দেৰগাঁৱৰ সমাজকৰ্মী ৰাজেন পূজাৰী উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷
গ্ৰন্থখনৰ প্ৰকাশক ৰাজেন ৰাজকুমাৰে উদ্দেশ্য ব্যাখ্যা কৰা গ্ৰন্থ উন্মোচনী সভাত সাপ্তাহিক “ধনশিৰি” কাকতৰ সম্পাদক, প্ৰবীন সাংবাদিক অপূৰ্ব বৰুৱা, গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি অপৰাজিতা বৰুৱা, বিশিষ্ট সংগীতজ্ঞ মানিক বৰা, বিশিষ্ট প্ৰাৱন্ধিক পৰাগ পৱন শৰ্মা বৰা আদি গোলাঘাটৰ গন্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷ উক্ত সভাতে লেখক সুৰেন্দ্ৰনাথ ৰাজকুমাৰৰ ৮৮ সংখ্যক ওপজা দিনো পালন কৰা হয়৷
অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়াই কল্পনা তামুলীয়ে৷