প্ৰাগ ডেস্ক,গুৱাহাটী,২৬জুনঃ সত্ৰীয়া নৃত্যৰ পৰিবেশ্য কলাৰ অগ্ৰণী অনুষ্ঠান নৰ্ত্তন কলা নিকেতনৰ গুৰু ৰামকৃষ্ণ তালুকদাৰ আৰু নৃত্য পটিয়সী ৰুমী তালুকদাৰৰ তত্ত্বাৱধানত সত্ৰীয়া নৃত্যৰ আনুষ্ঠানিক শিক্ষাৰ অন্তত দুগৰাকী নৃত্যাঙ্গনা ক্ৰমে তুষ্টিতনয়া চহৰীয়া আৰু নূপুৰ তালুকদাৰৰ ‘ৰংগ যাত্ৰা’ৰ আয়োজন কৰা হৈছে৷
অহা ২৯ জুন তাৰিখে সন্ধিয়া ৬ বজাত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠানটি অনুষ্ঠিত হ’ব৷
অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব পদ্ম বিভূষণ ড০ সোণাল মানসিং৷
সমূহ ৰাইজৰ উপস্থিতিৰে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ আয়োজক গোষ্ঠীয়ে আহ্বান জনাইছে৷
Facebook Comments