ডিগবৈ শোধনাগাৰত উত্তপ্ত পৰিস্থিতিঃ আইঅ’চিৰ ডিপিএছ স্কুলত কৰ্মৰত ঠিকাভিত্তিক সুৰক্ষা কৰ্মীক অব্যাহতি দিয়াৰ প্ৰতিবাদ

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া,২৭ জুনঃ তৈল নগৰী খ্যাত ডিগবৈত আজি পুৱা ৬ বজাৰ পৰা ডিগবৈ শোধনাগাৰৰ ঠিকাভিত্তিক সুৰক্ষা কৰ্মীৰসকলে ডিগবৈ শোধনাগাৰ অনিৰ্দিষ্টকালীনভাৱে বন্ধ কৰি দিয়ে।

এই বন্ধৰ ফলত শোধনাগাৰৰ কাম কাজত ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে৷

প্ৰতিবাদকাৰীসকলে মূল প্ৰবেশদ্বাৰ বন্ধ কৰি দিয়াত এজনো বিষয়া কৰ্মচাৰী শোধনাগাৰৰ ভিতৰলৈ সোমাব পৰা নাই৷

ফলত স্তব্ধ হৈ পৰিছে শোধনাগাৰৰ কাম কাজ৷

উল্লেখ্য যে কামৰ পৰা অব্যাহতি দিয়া পৰিয়ালসমূহৰ সন্তান,মহিলা সকলোৱে সহযোগ কৰিছে এই শোধানাগাৰ বন্ধ কাৰ্যসূচীলৈ৷

আইঅ’চিৰ কৰ্তৃপক্ষই প্ৰথমে ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু চিআৰপিএফ মোতায়ন কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰিছিল যদিও সফল নহ’ল৷

প্ৰতিবাদকাৰীসকলে পুনৰ সংস্থাপন নিদিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে।

প্ৰতিবাদী কৰ্মচাৰী সকলক জিলা শ্ৰম আয়ুক্ত কাৰ্যালয়ে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও পাছত ৰহস্যজনকভাৱে শ্ৰম আয়ুক্তৰ বিষয়াজন আঁতৰি থকাৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ ।

কৰ্মচাৰীসকলক যোৱা ২০ বছৰে কোনো পি এফ দিয়া নাছিল অইল কতৃপক্ষই৷

কৰ্মচাৰীসকলে আইঅ’চি ৰ বিষয়া কিশোৰ দত্তৰ ষড়যন্ত্ৰৰ বলি হৈছে বুলি অভিযোগ কৰিছে৷

কৰ্মচাৰীসকলৰ দাবী সমাধান নোহোৱো পৰ্যন্ত এই বন্ধ কাৰ্যসূচী চলাই যাব বুলি প্ৰতিবাদকাৰী সকলে জানিবলৈ দিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here