প্ৰাগডেস্ক,২৭জুনঃ চুপাৰষ্টাৰ সালমান খানৰ সর্বশেষ ছবি ‘ভাৰত’ কেৱল দেশতেই নহয় আন্তর্জাতিকভাৱেও হৈ পৰিছে ব্লকবাষ্টাৰ হিট। বিশ্বৰ ভিন্ন দেশৰ পৰা বক্স অফিচত চিনেমাখনে অর্জনে সক্ষম হৈছে ৩২৫ কোটি টকা, যাৰবাবে আনকি নির্মাতায়ো চলমান খানৰ ওচৰত কৃতজ্ঞতা প্রকাশ কৰিছে।
ভাৰতে মুক্তি লাভ কৰিছে পাঁচ জুনৰ দিনা ।
আলী আব্বাচ জাফৰৰ এই ছবিখনৰ মুখ্য ভূমিকাত আছে চলমান আৰু কেটৰিণা কাইফ।
সুনিল গ্রোভাৰ, তাবু, দিশা পাটানি, জেকী শ্ৰফ, নোৰা ফাতেহী আৰু আচিফ শেখেৰৰ দৰে ভালেমান ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে সুন্দৰ অভিনয়েৰে ছিবখনক এক বিশেষ মাত্ৰা দিছে।
চিনেমাখনৰ কাহিনীভাগ ৰচনা কৰিছে আলী আব্বাস জাফৰ আৰু বৰুণ ভি শর্মাই যুটিয়াভাৱে। ছবিখন ২০১৪ চনৰ দক্ষিণ কোৰিয়াৰ চলচ্চিত্র ‘অ’ড টু মাই ফাডাৰ’ৰ আনুষ্ঠানিক অভিযোজন।
ছবিখনত জেকি শ্ৰফে চলমান খানৰ পিতৃৰ অভিনয় কৰিছে৷ ‘ভাৰত’ৰ কেন্দ্রীয় কাহিনীয়ে এই সময়ৰ নাটকৰ পৰিকাঠামো চেৰাই দেশ প্ৰেমৰৰ ধ্বজ্জা উৰুৱাইছে৷