হোজাই জিলাৰ মোৰাজাৰ জুনিয়ৰ কলেজত চুৰি কাণ্ড

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,২৭জুনঃ ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস।যোৱা বুধবাৰে নিশা চোৰে হোজাই জিলাৰ মোৰাজাৰ জুনিয়ৰ কলেজত চলালে লুট-পাত।

নিশা চোৰে ব্যক্তিগত খণ্ডৰ কলেজখনৰ কাৰ্যালয়ৰ দক্ষিণ ফালৰ বেৰ ভাঙি সোমাই কাৰ্যালয়ৰ পৰা PSX-GOODP-PA Sound Box আৰু এটা Active Speaker চুৰি কৰি লৈ যায়।

পুৱা কলেজ খোলাৰ পিছত চুৰি কাণ্ডৰ কথা পোহৰলৈ অহাত কলেজ কৰ্তৃপক্ষই মোৰজাৰ আৰক্ষী চকীত এখন এজহাৰ দাখিল কৰে।

ইপিনে হোজাই জিলাত বিদ্যালয়,মছজিদ,মন্দিৰ আদিত সঘনে চুৰিকাণ্ড হৈ থকা কাৰ্যই উদ্বিগ্ন কৰিছে সচেতন মহলক।

এই ঘটনা সন্দৰ্ভত মোৰাজাৰ আৰক্ষীয়ে চোৰকেইজনক তদন্ত কৰি কৰায়ত্ব কৰিবলৈ সক্ষম হ’বনে সেয়াহে হ’ব লক্ষ্যনীয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here