কাৰ্বিআংলং বুকুৰ পৰা আহৰণ কৰা হয় অবৈধ কয়লাঃ হোজাই জিলাৰ নখুটি অঞ্চলৰ পৰা চলিছে কয়লাৰ মুকলি বেহাঃ ছিণ্ডিকেট বন্ধ হ’ব কেতিয়া?

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,২৮জুনঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে সকলো প্ৰকাৰৰ ছিণ্ডিকেটৰাজ বন্ধ কৰাৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে যদিও কাৰ্যক্ষেত্ৰত ইয়াৰ বি্পৰীত ছবি পৰিস্ফুটিত হৈছে হোজাই আৰু কাৰ্বিভূমিত|

কলা হীৰা ছিণ্ডিকেটত লুতুৰি-পুতুৰি হৈ পৰিছে এচাম নেতা, দালালৰ লগতে হোজাই জিলা আৰক্ষীও|

বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰৰ নিৰ্দেশকো ধূলিসাৎ কৰি ৰাজ্যত অব্যাহত থকা কয়লা ছিণ্ডিকেটৰাজ হোজাই জিলাতো পিছপৰি থকা নাই| জিলাখনতো গঢ় লৈ উঠিছে কয়লা ছিণ্ডিকেট|

জিলাখনৰ নখুটি অঞ্চলৰ পৰা চলিছে এই কলা হীৰাৰ ছিণ্ডিকেট|লামডিং আৰক্ষী থানাৰ অন্তৰ্গত নখুটি অঞ্চলত গাতে লাগি থকা কাৰ্বিআংলংৰ কুলুডং অঞ্চলৰ পৰা সৰবৰাহ হৈছে এই অবৈধ কয়লা|

কাৰ্বিআংলং বুকুৰ পৰা আহৰণ কৰা অবৈধ কয়লাৰে নখুটি অঞ্চলত গঢ়ি তুলিছে বৃহত কয়লা ছিণ্ডিকেট|

ইয়াৰ পৰাই নিশা লংকা চহৰৰ মাজেদি ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰমী জিলাখনৰ পৰা বিভিন্ন ঠাইলৈ সৰবৰাহ হয় কলা হীৰাৰ দহ-বাৰ চকীয়া ট্ৰাকসমূহ|সম্পূৰ্ন্ন অবৈধ এই কলা হীৰা সৰবৰাহৰ ছিণ্ডিকেট দেখিও নেদেখাৰ ভাওঁ জোৰে আৰক্ষী প্ৰশাসনৰ লগতে সংশ্লিষ্ট সকলোৱে৷

বাদ পৰি যোৱা নাই এচাম ৰাজনৈতিক নেতা পালি নেতাও।

এই ছিণ্ডিকেটৰ সন্দৰ্ভত শেহতীয়াকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰক্ষী সঞ্চালক প্ৰধানক সকলো ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দ্দেশ প্ৰদান কৰাৰ পিছতে এই ছিণ্ডিকেটৰাজ সাময়িকভাৱে স্তব্ধ হৈছে যদিও নখুটিত মজুত কৰি ৰখা শ শ কয়লা ট্ৰাক কয়লাৰ বিৰুদ্ধে এতিয়াও কোনো ব্যৱস্হা গ্ৰহণ কৰা নাই আৰক্ষী প্ৰশাসনে|

আনহাতে মেঘালয় আৰু নখুটিৰ পৰা অবৈধ উপায়েৰে অনা একাংশ কয়লাক বৈধতা দিয়া পৰিকল্পনাৰে লংকাৰ বামুনগাঁও অঞ্চলত ৫৪ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে গঢ়ি তোলা হৈছে কেইবাটাও কয়লাৰ ডিপো |

এই ডিপোসমূহে পৰিবেশ প্ৰদুষনৰো সৃষ্টি কৰি জনজীৱন বিনষ্ট কৰি তোলাৰ অভিযোগ উঠিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here