নুমলীগড়ত কণমানি হাতী পোৱালিৰ মৃত্যু

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট,২৮জুনঃ খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত পিটপিটাই ফুৰিছে বৃহৎ হাতীৰ জাক।

ফলত হাতী আৰু মানুহৰ সংঘাত নৈমিত্তিক ঘটনাত পৰিণত হৈছে নুমলীগড় অঞ্চলত।

ইয়াৰ মাজতে ২৭জুনত নুমলীগড়ৰ বি জি কে চাহ বাগিচাত এটা মৃত বন্য হস্তীৰ পোৱালী।

জন্মৰ এসপ্তাহ হোৱা পোৱালিটো নিশা মৃত্যু হোৱাৰ সন্দেহ।

বাগিচাখনৰ বিভিন্ন স্থানত মৃত হস্তী পোৱালিটোৰ মাংসপিণ্ড উদ্ধাৰ হয়।ইফালে নুমলীগড়ৰ কালীয়নী বৰদোবিত দ্বিতীয়টো বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here