গোলাঘাট সৰ্বনাশী ড্ৰাগছ আৰু সুৰাৰ বিৰুদ্ধে সজাগতামূলক সভা

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস,২৮ জুনঃ ড্ৰাগছ আৰু মাদকদ্ৰব্যৰ সৰ্বনাশী প্ৰভাৱ সম্পৰ্কে জনগণক সজাগ কৰাৰ উদ্দেশ্যে বুধবাৰে ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী পৰিষদ অসম, গোলাঘাট জিলাৰ উদ্যোগত কিছু দিনৰ পূৰ্বে চুলাই সেৱন কৰি মৃত্যু উপত্যকা লৈ  পৰিণত হোৱা গোলাঘাটস্হিত শালমৰা বাগিচাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।

আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ  আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত  অসম চাহ মজদুৰ সংঘৰ সম্পাদক ঘনশ্যাম বাঢ়ৈয়ে সভাপতিত্ব কৰে।

সভাত স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ সুনিতা এক্কাই যুৱ প্ৰজন্মৰ লগতে সৰ্বসাধাৰণ ৰাইজক নিচাযুক্ত দ্ৰব্য  বিশেষকৈ ধঁপাত সেৱনৰ অপকাৰিতাৰ সম্পৰ্কে সজাগ হ’বলৈ সকলোকে আহ্বান জনায়।

মাদকদ্ৰব্য বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰাটোৱেই আমাৰ সভ্য সমাজৰ কাৰণে লজ্জাৰ কথা বুলি অনুস্থানত বক্তব্য প্ৰদান কৰি বিশিষ্টা সমাজসেৱিকা আনমনা গগৈয়ে, লগতে কয় যে অসমৰ জনগোষ্ঠীসমূহ উন্নতিৰ বাটত আগবাঢ়িব নোৱৰাৰ মূল কাৰণ মদ।

আহোমসকলৰ ছশ বছৰীয়া ৰাজত্বৰ অৱসান হৈছিল মদৰ বাবে।

নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত বিভিন্ন সময়ত দুৰ্ঘটনা, তৰ্ক -বিবাদ ,হত্যা আদি ঘটনাবোৰ সংঘটিত হোৱাৰ খবৰ আমাক সংবাদ মাধ্যমে দি আহিছে, লগতে দুৰাৰোগ্য ৰোগৰো প্ৰাদুৰ্ভাৱ ঘটিছে।

বৰ্তমান যুৱ প্ৰজন্মই মাদকদ্ৰব্যৰ প্ৰতি আসক্ত হোৱাটো চিন্তনীয় বিষয় তাৰবাবে অভিভাৱকসকলক সচেতন হ’বলৈও ভাষণ প্ৰসংগত সমাজসেৱিকা তথা প্ৰৱক্তা আনমনা গগৈয়ে উল্লেখ কৰে। 

আনহাতে অনুষ্ঠানত ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী পৰিষদ,অসমৰ হৈ বেণী গোৱালাই কয় যে নিচাযুক্ত দ্ৰব্য সেৱনকাৰীসকলৰ ভিতৰত উমৈহতীয়াভাৱে বেজী ব্যৱহাৰ কৰাসকলে এজনে আনজনৰ পৰা প্ৰদূষিত বেজী ব্যৱহাৰ কৰাৰ ফলত এইডছ ৰোগৰ বীজাণু সংক্ৰমিত হয়।

পৃথিৱীৰ সম্প্ৰতি ১২০খন দেশত বিভিন্ন প্ৰকাৰে আৰু বেজীৰ সহায়ত নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ কৰা লোক ক্ৰমান্বয়ে ২০নিযুতলৈ বৃদ্ধি পাইছে।

আৱকাৰী অধীক্ষক মানৱী দাস,আৱকাৰী পৰিদৰ্শক ক্ৰমে নিৰঞ্জন দাস,বিভু ফুকন, এন দাস (ফৰকাটিং),সহকাৰী পৰিদৰ্শক চন্দন বুঢ়াগোহাঁই, শালমৰা বাগিচাৰ জনকল্যাণ বিষয়া অশোক কুল্লু উপস্থিত থকা  উক্ত সভাত ‘সপোন’ অনুষ্ঠানৰ দিবাংকৰ শইকীয়া বাগিচাখনৰ স্বাস্থ্য বিষয়া ডাঃ প্ৰাঞ্জল শৰ্মাই বক্তব্য আগবঢ়োৱাৰ লগতে বাগিচাৰ মুখ্য পৰিচালক গিৰধাৰীলাল শৰ্মাই ধন্যবাদ সূচক মন্তব্য আগবঢ়াই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here