বস্ত্ৰ কথা উন্মোচন

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২৮ জুনঃ অসম চৰকাৰৰ হস্ত তাঁত গবেষণা আৰু চানেকি কেন্দ্ৰৰ মূৰব্বী ড০ জয়ন্ত দেব শৰ্মাৰ প্ৰবন্ধ সংকলন বস্ত্ৰ কথা যোৱা ২৩ জুন তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে মুকলি কৰে হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ সঞ্চালক কবিতা ডেকাই l

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ভাস্কৰ ফুকনে l

ভাষণত ফুকনে অসমৰ ঐতিহ্যপূৰ্ণ হস্ততাঁত শিল্প খণ্ড পৰ্যাটকৰো আকৰ্ষণৰ স্থল বুলি কয় আৰু ইয়াৰ উন্নয়নৰ বাবে পৰ্যটন বিভাগ আৰু হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগ মিলি জুলি কাম কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে l

সভাত সন্মানীয় অতিথি হিচাপে ভাষণ আগবঢ়াই অসম টেক্স্টাইল ইনষ্টিটিউটৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ আলোক কান্তি পাল চৌধুৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় হস্ত তাঁত প্ৰযুক্তি প্ৰতিষ্ঠানৰ মূৰব্বী আশীষ নাৰায়ণ বেনেৰ্জীয়ে l

সভাত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সম্পদক দুৰ্গেশ্বৰ পাঠকে বিশেষ অতিথি হিচাপে উপস্থিত থাকে l

সভা সঞ্চালনা কৰে ৰবীন্দ্ৰ নাথ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সভাপতি ড০ আমলেন্দু চক্ৰবৰ্তীয়ে, ড০ ময়ুৰী শৰ্মাৰ এটি বৰগীতেৰে আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাখন আঁতধৰে ড০ প্ৰশান্ত শৰ্মাই l

সভাত বি আৰ পি এলৰ আৱসৰপ্ৰাপ্ত মহপ্ৰবন্ধক বসন্ত কুমাৰ দাস, শুৱালকুছি ফেশ্বন টেকন’লজিৰ অধ্যক্ষা নিলাঞ্জলী কাকতি, প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ ঘনশ্যাম শইকীয়া, মাজ জালুকবাৰী সাহিত্য সভাৰ সভাপতি তহেৰুদ্দিন আহমেদ, সাহিত্য সেবী নবজিত বৈশ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়া দীপক দাস, আয় আয় এইচ টি ৰ প্ৰবক্তা নিভা ৰাণী কাকতী, সু-লেখিকা মণিৰূপা মিশ্ৰ, গ্ৰন্থ লেখক ড০ জয়ন্ত দেব শৰ্মা, শাখা সভাৰ সম্পদক মইনুল হুচেইন আদিয়ে ভাষণ ৰাখে l

কলাইগাঁও কলেজৰ প্ৰবক্তা ৰঞ্জিতা শৰ্মাই গোৱা এটি জ্যোতি সঙ্গীতে সভাৰ আটাইকে আপ্লুত কৰে l

সভাত গ্ৰন্থ প্ৰস্তুত কৰ্তা ঋদীপ বৰ্মন আৰু পৰিবেশক পাণবজাৰৰ ৰেখা প্ৰকাশনৰ দেবেন কলিতাক আদৰণী জনোৱা হয় l

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here