কেৰিয়াৰ সম্পৰ্কীয় লেখা

মাননীয় সম্পাদক মহোদয়,

লক্ষ্যনীয় বিষয় যে ,উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সময় চোৱাতহে বিভিন্ন বাতৰি কাকত তথা আলোচনীত কেৰিয়াৰ সম্পৰ্কীয় লেখা সঘনাই প্রকাশ হয় আৰু টি.ভি. চেনেলসমূহেও এনে অনুষ্ঠান সম্প্ৰচাৰ কৰে ৷

সেই সময় চোৱাত এনে অনুষ্ঠানৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল বিশেষভাৱে লাভাৱান্বিত নহয় , যিহেতু শিক্ষানুষ্ঠান সমূহৰ বিভিন্ন বিভাগ তথা প্রতিযোগীতামূলক পৰীক্ষাৰ বাবে আবেদনৰ সময় সীমা তেতিয়ালৈকে অতিক্রম কৰা দেখা যায় ৷

কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন লেখা বাতৰি কাকত আৰু আলোচনীসমূহত নিয়মীয়াকৈ প্রকাশৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

টি.ভি. চেনেলসমূহৰ লগতে শিক্ষানুষ্ঠান সমূহটো বছৰৰ সকলো সময়তে কেৰিয়াৰ বিষয়ক অনুষ্ঠান আয়োজন কৰিলে ছাত্র-ছাত্রী সকল উপকৃত হ’ব ৷

ইয়াৰোপৰি, শিক্ষা বিভাগৰ পাঠ্যক্ৰম, পৰীক্ষাৰ ব্যৱস্থা আৰু ফলাফল ঘোষণাৰ সময়ৰ ক্ষেত্ৰতো বিভিন্ন ব’ৰ্ড, কাউন্সিল আৰু বিশ্ববিদ্যালয় সমূহৰ মাজত সমন্বয় থকাটো প্ৰয়োজনীয় ৷

সকলোবোৰ শিক্ষানুষ্ঠানৰে আন্তঃগাঠনি আৰু শিক্ষক ছাত্ৰৰ অনুপাত সঠিকভাৱে বৰ্তাই ৰখাটোও জৰুৰী ।

ড° বুলজিৎ বুঢ়াগোহাঁই
অধ্যক্ষ,
জি.আই.এম.টি. , তেজপুৰ
পিন -৭৮৪৫০১,অসম।
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here