নতুন শিক্ষানীতিৰ বিৰুদ্ধে গোলাঘাটত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট,২৯ জুনঃ খচৰাত নতুন শিক্ষা নীতিত হিন্দী ভাষা বাধ্যতামূলক কৰা আৰু এটা আঞ্চলিক ভাষাৰ প্ৰৱৰ্তন কৰাৰ বিৰোধিতা কৰি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

শুকুৰবাৰে গোলাঘাটৰ জিলা উপাযুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

চৰকাৰখনে অসমৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা শেহতীয়া শিক্ষা নীতিৰ বিৰুদ্ধে শক্তিশালী গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যত খচৰা নতুন শিক্ষা নীতিৰ জৰিয়তে হিন্দী ভাষা বাধ্যতামূলক কৰা আৰু এটা আঞ্চলিক ভাষা প্ৰৱৰ্তন কৰাৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

গোলাঘাট উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে হিন্দী ভাষা কেতিয়াও বাধ্যতামূলক কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়াৰ লগতে যদিহে অতি শীঘ্ৰে দাবীসমূহ মানি নলয় তেনেহ’লে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনতোৰ নেতাসকলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here