ভোট জলকীয়া খেতিৰে স্ব-নিৰ্ভৰশীলতাৰ পথ দেখুৱাইছে গোলাঘাটৰ দহ গৰাকী মহিলাই

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস,২৯জুনঃ যিসময়ত আধুনিকতাৰ বশৱৰ্তীহৈ একাংশ মহিলাই সাধাৰণতে কৃষি কৰ্মৰ প্ৰতি অমনোযোগিতা প্ৰদৰ্শন কৰা দেখা গৈছে, ঠিক তেনেসময়তে একাংশ মহিলাই কৃষিকৰ্মত নিয়োজিত হৈ স্ব-নিৰ্ভৰশীলতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।

গোলাঘাট নগৰৰ সমীপৱৰ্তী শালমৰা মুখৰ দহ গৰাকীকৈ মহিলাৰ দ্বাৰা গঠিত এটা আত্মসহায়ক গোটৰ জৰিয়তে কৃষিকৰ্মৰ দ্বাৰা স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে এইসকল মহিলাই স্বামী তথা পৰিয়ালক কিছু পৰিমানে আৰ্থিক দিশত সহায় কৰিবলৈও সক্ষম হৈছে।

কঠোৰ পৰিশ্ৰমেৰে কৃষিকৰ্মত নিয়োজিত হৈ ফচল উৎপাদন কৰিবলৈ সক্ষম হৈছে গোলাঘাটৰ শালমৰা মুখৰ একাংশ মহিলা।

‘প্ৰতিধ্বনি’ নামৰ এই আত্মসহায়ক গোটৰ দহ গৰাকী মহিলা ক্ৰমে– পল্লবী দত্ত, ইলা তামুলী, নৱনীতা ভড়ালী, নৱনীতা বৰা, কল্পনা দত্ত, জুৰী দত্ত, ৰুমী দত্ত, সুৱৰ্ণ ভৰালী, নিৰু তামুলী, নিৰু শইকীয়া ব্যস্তহৈ পৰিছে ভোট জলকীয়া উৎপাদনত৷

মাত্ৰ এবিঘা ভূমিত এইসকল মহিলাই ভোট জলকীয়াৰ খেতি আৰম্ভ কৰিছিল যদিও প্ৰথম অৱস্থাত গছত জলকীয়া লাগিবৰ সময়তেই বিভিন্ন বেমাৰ লগাত মহিলাসকল নিৰাশ হৈছিল৷শেষত তেওঁলোক জিলা কৃষিবিভাগৰ কাষ চাপিল৷

বিভাগৰ বিষয়া মৃদুল শৰ্মা আৰু ৰাজিবুৰ ৰহমানে তেওঁলোকক ঔষধৰ লগতে দিহা পৰামৰ্শ আগবঢ়ায়৷

ইয়াৰোপৰি কালুজান গাঁৱৰ অন্য এজন অভিজ্ঞ যুব কৃষক অংশুমান শৰ্মাইও হোৱাটছ এপ, ফোনযোগে ৰোগৰ লক্ষণ চাই পৰামৰ্শ আগবঢ়ায়।

পিছত তেওঁলোকৰ পৰামৰ্শ মতে আগবাঢ়ি যোৱাত পোকে ধৰা বা বিভিন্ন বেমাৰ লগা গছসমূহ পূৰঠ হৈ জলকীয়া লাগিবলৈ আৰম্ভ কৰে।

বৰ্তমানলৈকে সপ্তাহত মুঠ ৬বাৰ জলকীয়া চিঙি ১৫০ কেজি সংগ্ৰহ কৰি প্ৰতি পাইকাৰী ১৪০ টকা হৰত আৰু খুচুৰা ২০০ টকাকৈ বিক্ৰী কৰি আহিছে বুলি জনা গৈছে৷

গছত ডাল ভৰি লগা ভোট জলকীয়াৰ ৰঙা ৰঙৰ প্ৰয়োভৰে অধিক উৎপাদন আৰু লাভৰ আশা কৰিছে এই আত্ম নিভৰশীল পৰিশ্ৰমী মহিলা কৃষকসকলে৷

চৰকাৰৰ কৃষি বিভাগে যদি আৰ্থিক সহায় আগবঢ়ায় তেন্তে এই উদ্যমী মহিলাসকলে আৰু অধিক উৎপাদন কৰিবলৈ সক্ষম হ’ব বুলি বিভিন্ন জনে মতপোষণ কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here