ডবকাত ভ্ৰুণ হত্যাৰ নাৰকীয় ঘটনাঃ ন্যায় বিচাৰি হাবাথুৰি খাইছে হত্যাকৰী মাতৃৰ স্বামীয়ে

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,২৯জুনঃ হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত নিখাৰীমুখ গাওঁৰ কবিৰ আহমেদৰ পত্নী চোহানা বেগমে সেই একেখন গাওঁৰ যুৱক খাইৰুল ইছলামৰ লগত কেইবা বছৰ ধৰি অবৈধ সম্পর্ক ৰাখি সাত মহীয়া গৰ্ভাস্থাত যোৱা ১৫ জুন শনিবাৰে খাইৰুল ইছলামৰ লগত পলায়ন কৰে।

পলায়ন কৰাৰ পিছত সাতমহীয়া নৱজাতকক হত্যা কৰি চোহানা বেগমে তেওঁৰ স্বামী কবিৰ আহমেদৰ হোৱাটচ আপ যোগে নৱজাতকৰ মৃতদেহৰ ফটো ভাইৰেল কৰে।

এই ঘটনা সংক্ৰান্তত ডবকা আৰক্ষী থানাত স্বামী কবিৰ আহমেদে গোচৰ ৰুজু কৰিছে যদিও এতিয়ালৈকে দুস্কৃতিকাৰী চোহানা বেগমক ডবকা আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই।

উল্লেখযোগ্য যে সমগ্র ঘটনাটো চোহানা বেগমে অকলে কৰিব নোৱাৰে ইয়াৰ লগত পুলিচ প্ৰশাসন তথা চিকিৎসকো জড়িত আছে বুলি কবিৰ আহমেদে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

অৱশেষত কবিৰ আহমেদে ন্যায় বিচাৰি হোজাই জিলা প্ৰশাসনৰ কাষ চাপিছে।

এতিয়া হোজাই জিলা প্ৰশাসনে সমগ্র ঘটনাটোৰ উচিৎ তদন্ত কৰি কি ব্যবস্থা গ্রহণ কৰে সেয়া সময়তহে লক্ষনীয় হ’ব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here