ধেমাজি জিলাত বলিয়া বানৰ বিভীষিকা

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজীৰ পৰা ললিত শইকীয়া,২৯জুনঃ নেৰা নেপেৰা বৰষুণৰ ফলত জীয়াঢ়ল নদী পানীয়ে বৰদলনিৰ লগতে জীয়াঢ়ল অঞ্চলৰ শতাধিক গাঁও বুৰাই পেলাইছে।

ইয়াৰ ফলত কৃষকসকলে আগতীয়াকৈ কৰা কৃষিৰ সকলোখিনি পানীৰ তলত ডুব যায় আৰু শতাধিক গৃহত পানী সোমোৱা লগতে পশুধন বাবে খাদ্যৰ নাতনি দেখা পোৱা গৈছে।

ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা চলি থকাৰ মাজতে বিদ্যালয়ৰ গৃহসমূহ পানীয়ে বুৰাই পেলোৱা পৰিলক্ষিত হৈছে।

ইয়াকে লৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল চিন্তাত পৰিব লগা হৈছে।বানপীড়িত ৰাইজে পানীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ওখ ঠাইলৈ ঢাপলি মেলিছে।

জানিব পৰা গৈছে বৰ্তমানে জিলা প্ৰশাসনৰ পৰা কোনো ধৰণৰ সহাৰি পোৱা নাই বুলি স্থানীয় ৰাইজে অৱগত কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here