মহানগৰীৰ গান্ধীবস্তীত বিধ্বস্ত পথঃ পথৰ মাজত পুখুৰী সদৃশ গাতঃ কুম্ভকৰ্ণ নিদ্ৰাত গড়কাপ্তানি বিভাগ-গুৱাহাটী পৌৰনিগম

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২৯জুনঃ গুৱাহাটী মহানগৰীৰ সদাব্যস্ত শিলপুখুৰী পৰা গান্ধীবস্তী সংযোগী পথচোৱাৰ একাংশৰ বিধ্বস্ত অৱস্থাই দুৰ্ভোগ ভোগাইছে পথচাৰীক৷

অতি ব্যস্ত পথ চোৱাৰে দৈনিক হাজাৰ হাজাৰ পথচাৰীৰ লগতে স্কুল কলেজৰ ছাত্ৰছাত্ৰী অহাযোৱা কৰে৷

এই পথ ছোৱাৰ সন্মুখতে ড° ভূপেন হাজৰিকা জাতীয় বিদ্যালয়খন অৱস্হিত৷ স্কুলখনৰ কণ কণ শিক্ষাৰ্থীয়ে স্কুললৈ অহা যোৱত যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷

আনকি স্কুলৰ চৌহদৰ ভিতৰত সোমাবলৈ হাতত জোতা-মোজা লৈ অভিভাৱকে পথচোৱা পাৰ কৰায়৷

স্হানীয় ৰাইজৰ অভিযোগ অনুসৰি পথছোৱা নিচেই ওচৰতে আছে এটি ড্ৰেইন৷ এই ড্ৰেইনটো জাৱৰ জোথৰৰে ভৰি পৰিছে৷

যাৰবাবে পানীসমুহ নিৰ্দিষ্ট ঠাইলৈ যাৱ নোৱৰাৰ ফলত এজাক বৰষুণতে পথচোৱা পানীৰে ওপচি পৰে৷

ইয়াৰ বিপৰীতে গড়কাপ্তানি বিভাগে এই পথৰ একাংশ নিৰ্মাণ কৰিলে যদিও আজিলৈকে প্ৰায় ৫০মিটাৰতকৈ অধিক অংশৰ নিৰ্মাণ কাৰ্যই সম্পূৰ্ণ হোৱা নাই৷

এইক্ষেত্ৰত স্হনীয় ৰাইজে গড়কাপ্তানি বিভাগ তথা গুৱাহাটী পৌৰনিগমক কুম্ভকৰ্ণ নিদ্ৰা ত্যাগ কৰি শীঘ্ৰে পথচোৱাৰ এই অংশভাগ নিৰ্মাণ কৰাৰ লগতে ড্ৰেইনটো পৰিস্কাৰ কৰিবলৈ দাবী জনাইছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here