ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু গাহৰি প্ৰজনন পাম এৰাবাৰীত পৰিণত

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া,২৯জুনঃ জিলা গোগামূখৰ দিৰপাইত অৱস্হিত লাখ টকীয়া ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ৰূপায়ণ কৰা আৰু গাহৰি প্ৰজনন নামৰ আঁচনিখন এৰাবাৰীত পৰিণত হৈছে।

উল্লেখ্য যে গত ২০ ফেব্ৰৱাৰী ২০১১ চনতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উক্ত আঁচনিখন উদ্বোধন কৰিছিল যদিও আজিলৈ কোনো ধৰণৰ উন্নতিৰ মুখ দেখা নগ’ল।

কাৰ্যালয়ৰ চৌহদ হাবি,জংঘলে ভৰপূৰ।

কাৰ্যালয়ত নাই কোনো কৰ্মচাৰী ,নাই গাহৰি, নাই কৃষি সামগ্ৰী আছে মাঠো দুৱাৰত একোটা ডাঙৰ ডাঙৰ তলা।

এনেকৈয়ে চৰকাৰে লাখ লাখ টকা অপব্যৱহাৰ কৰা পৰিলক্ষিত হয় ।

অতি পৰিতাপৰ বিষয় যে বৰ্তমান শাসনাধিস্থ চৰকাৰেও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা যোৱা নাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here