চিকিৎসকৰ মইমতালী,স্বাস্থ্য বিভাগৰ নিয়ম নীতি ধোঁৱা চাঙত

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া,২জুলাইঃ জিলা স্বাস্থ্য বিভাগৰ নিয়ম নীতি ধোঁৱা চাঙত পৰিণত।

একাংশ চিকিৎসকে চৰকাৰক বুঢ়া আঙুলি দেখুৱাই কৰ্মৰত কৰা অভিযোগ উত্থাপন হৈছে ।

এই অভিযোগ হলৌডোঙাত অৱস্হিত অৰ্থাৎ ১৯০১ চনতে স্থাপিত হোৱা বৰদলনি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সন্দৰ্ভত।

বানাত জুৰুলা হোৱা আৰু প্ৰখৰ গৰমত অচিন ৰোগে দেখা দিয়াত ৰোগীয়ে উক্ত স্বাস্থ্য কেন্দ্ৰলৈ ঢাপলি মেলে যদিও চিকিৎসকৰ অনুপস্থিতিৰ কাৰণে উতপ্ত পৰিস্থিতি সৃষ্টি হয়।

দিনৰ ১০ বজাৰ পৰা বিয়লি ১ বজালৈ উক্ত স্বাস্থ্য কেন্দ্ৰত চিকিৎসক উপস্থিত নাই বুলি একাংশ ৰোগী আৰু বৰদলনি আঞ্চলিক টাই আহোম ছাত্ৰ সন্হাৰ বিষয় ববীয়াসকলে অৱগত কৰে।

উল্লেখ্য যে বৰদলনি আটাছু সমিতি য়ে বহু বাৰ সংবাদ মাধ্যমৰ যোগেদি এই সমস্যাসমূহ আঙুলিয়াই দিয়াৰ পাছতো গা লৰা নাই জিলা স্বাস্থ্য বিভাগৰ মূৰব্বী আৰু জিলা প্ৰশাসনৰ কিম্বা জনপ্ৰতিনিধিৰ ।

বৰদলনি আটাছু সমিতি সভাপতি, সম্পাদকদ্বয়ে উক্ত সমস্যাসমূহ সমাধান নকৰিলে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here