প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট,২জুলাইঃ গোলাঘাটত বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘনকাৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেন হাজৰিকাই৷
আজি এক নিৰ্দেশ যোগে গোলাঘাট জিলাৰ নামবৰ-দৈগ্ৰোং অভয়াৰণ্যৰ সমীপৰ বনৰীয়া হাতী অহা-যোৱা কৰা পথত অৰ্থাৎ সংৰক্ষিত হস্তী কৰিডৰত একাংশ অসাধু উদ্যোগ পতিয়ে উদ্যোগ স্থাপন কৰি বনৰীয়া হাতীক দিশহাৰা কৰি আহিছে৷ যাৰ ফলত বনাঞ্চলখনৰ দাঁতি কাষৰীয়া অঞ্চলসমূহ বিশেষকৈ নুমলীগড় অঞ্চলৰ থুৰামুখ, দৈগ্ৰোং, জুৰীয়াদলং, বকিয়াল আদি অঞ্চলত বন্যহস্তীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে৷
বন্যহস্তী খেতি পথাৰকে ধৰি বাসগৃহসমূহ ধ্বংস কৰাৰ ফলত হাতীক বাধা দিবলৈ ৰাইজে বিভিন্ন কৌশল অৱলম্বন কৰাৰ ফলত কেতিয়াবা বনৰীয়া হাতীৰ আক্ৰমণত একাংশ লোকৰ প্ৰাণহানি হোৱাৰ লগতে বনৰীয়া হাতীৰো কেতিয়াবা আহত বা মৃত্যু হোৱা দেখা গৈছে৷

ফলত এনেদৰে হাতীৰ বিচৰণস্থলীসমূহ বেখলকাৰীৰ কৱলত পৰাৰ বাবেই হাতী-মানুহৰ সংঘাত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে৷
ইফালে অন্য একাংশ অসাধু চাহ ব্যৱাসায়ীয়ে তেওঁলোকৰ চাহ বাগানসমূহত ব্লেডযুক্ত তাঁৰ বেৰা দিয়াৰ ফলতো বনৰীয়া হাতী উক্ত ব্লেডযুক্ত বেৰাত লাগি ছেপ্টিক হোৱাৰ ফলত বন্যহস্তী মৃত্যুমুখত পৰি আহিছে৷
কিছুদিনৰ পূৰ্বে এনেদৰে ব্লেডযুক্ত তাঁৰত লাগি প্ৰায় সাতমহীয়া এটা বনৰীয়া হাতীৰ পোৱালিয়ে কৰুণভাৱে আঁকোৱালি ল’ব লগা হয়৷
এইসমূহ কাৰ্যত ক্ষুন্ন হৈ গোলাঘাটৰ একাংশ পৰিৱেশকৰ্মীয়ে বিভিন্ন সময়ত চৰকাৰ তথা প্ৰশাসনক অৱগত কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত একাংশই বন ধ্বংসযজ্ঞ চলাই আহিছে৷
উল্লেখ্য যে শেহতীয়াৰৈ নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ থুৰামুখ অঞ্চলত হাতী কৰিডৰত এজন অনা অসমীয়া ব্যৱসায়ীয়ে ব্লেড (ইটা)ৰ উদ্যোগ স্থাপন কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷
ইয়াৰ পাছতে উক্ত কাৰ্য ৰোধ কৰাৰ লগতে চাহ বাগানসমূহত ব্লেডযুক্ত তাঁৰ বেৰা স্থাপনত বাধা প্ৰদান কৰা, হস্তী কৰিডৰসমূহ মুকলি কৰি সংৰক্ষণ কৰা আদি কেইবাটাও দাবী সম্বলিত এক স্মাৰক পত্ৰ গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামী, পৰিৱেশ কৰ্মী ৰিতুৰাজ ফুকন, ৰাহুল বৰুৱা আৰু ৰিপন শইকীয়াই জিলা উপায়ুক্তক যোৱা ২৯ জুনত প্ৰদান কৰে৷
বিষয়টো গুৰুত্ব সহকাৰে লৈ উক্ত স্মাৰক পত্ৰৰ ভিত্তিতেই দুদিনৰ অন্তত আজি জিলা উপায়ুক্ত ধীৰেন হাজৰিকাই সহকাৰী আয়ুক্ত পাপু গগৈক এক তদন্তৰ নিৰ্দেশ দিয়ে বুলি জনা গৈছে৷
উক্ত তদন্তৰ অন্তত প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ’ব৷