লংকা আৰক্ষীৰ জালত চাৰিজন ডকাইতঃ ধৃত ডকাইতকেইটাই দিনতে লুটি নিলে নগদ ধনসহ গাড়ীৰ নথিপত্ৰ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,২জুলাইঃ হোজাই জিলাৰ লংকা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি শণিবাৰে নিশা অভিযান চলাই ডবকাৰ মদাৰতলিৰ পৰা চাৰি দুৰ্ধষ ডকাইতক এখন বাইক সহ আটক কৰে।

ধৃত চাৰি ডকাইত ক্ৰমে, হবিবুৰ ৰহমান,ইছৰাইল আলী, আমিনুল হক আৰু কামালউদ্দিন।

উল্লেখ্য যে, ২৫জুনত লংকাৰ ভালুকমাৰীৰ ৫৪ নং ঘাইপথত এক দিন ডকাইতিৰ ঘটনা সংঘটিত হৈছিল।

নিমাই নন্দী নামৰ এজন লোকৰ পৰা ১৬ হেজাৰ টকাৰ লগতে তেওঁৰ গাড়ীৰ নথি-পত্ৰও ডকাইতৰ দলটোৱে লুট কৰি নিছিল।

তেওঁৰ এএছ০২ বিচি৩৮৯২নম্বৰৰ গাড়ীখনত লংকাৰ পৰা উঠি অহা দুই ব্যাক্তিয়ে পিষ্টল দেখুৱাই সংঘটিত কৰিছিল ডকাইতি।

এই সন্দৰ্ভত লংকা আৰক্ষী থানাত পঞ্জীয়ণ হোৱা ৩৯২/১৯নং গোচৰটোৰ অভিযান চলাই আৰক্ষীয়ে ডকাইতিত জড়িত চাৰি ডকাইতক আটক কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here