ডিগবৈত উদ্বোধন অসম কলা সত্ৰৰ লোকসঙ্গীত আৰু শিল্পকলাৰ প্ৰশিক্ষণ কেন্দ্ৰ

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,২জুলাইঃ তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত ডিগবৈত যোৱা ১জুলাই সোমবাৰে অসম কলা-সত্ৰৰ লোকসঙ্গীত আৰু শিল্পকলাৰ প্ৰশিক্ষণৰ চৰ্চা কেন্দ্ৰৰ এটি শুভ উদ্ধোধন কৰা হয়।

অসমৰ সংস্কৃতিৰ এক অন্যতম চহকী লোকসঙ্গীত আৰু শিল্পকলা।

বিভিন্ন কাৰণত এই সংস্কৃতিৰ বিষেয় ক্ৰমান্বয়ে অসমীয়াৰ আধুনিক সমাজৰ মাজত চৰ্চা কমি অহা যেন পৰিলক্ষিত হৈছে।

সেইয়েহে অসমৰ এই উন্নত সংস্কৃতিক জীয়াই ৰখা স্বাৰ্থত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ডিগবৈতো উঠি অহা প্ৰজন্মৰ মাজত এই কলা সংস্কৃতি বিষয়ে সজাগ আৰু সচেতন কৰাৰ প্ৰয়াসেৰে অসম কলা-সত্ৰৰ এই প্ৰশিক্ষণৰ কেন্দ্ৰটো শুভ উদ্ধোধন কৰে।

অসম কলা-সত্ৰৰ ডিগবৈ শাখাৰ সচিব ৰঞ্জুমণি দাসৰ নেৰানেপেৰা প্ৰচেষ্টাত ডিগবৈৰ ইণ্ডিয়া ক্লাৱৰ প্ৰেক্ষাগৃহত অসম কলা-সত্ৰ লোক সংগীত আৰু শিল্প কলাৰ নতুনকৈ এটি প্ৰশিক্ষণৰ চর্চা কেন্দ্ৰৰ উদ্বোধন কৰা হয়।

উক্ত উদ্বোধনী অনুষ্ঠানত বহুকেইজন সমাজৰ গণ্যমান্য ব্যক্তি,অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সাংবাদিকক অসম কলা-সত্ৰ ডিগবৈ শাখাৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ইয়াৰ পাছতে সকলোৰে পৰিচিত মাধৱ কৃষ্ণ দাস উক্ত অনুষ্ঠানত উপস্থিতি থাকি গগনা, বীণ আদি লোকবাদ্য নিজে বজাই উপস্থিত ৰাইজক আপ্লুত কৰাৰ লগতে লোক সংগীতৰ ওপৰত বিতংভাৱে বক্তব্য ডাঙি ধৰে।

এই প্ৰশিক্ষণ কেন্দ্ৰটিৰ যোগেদি উঠি অহা নতুন প্ৰজন্মই সত্ৰীয়া লোকসংঙ্গীত আৰু শিল্পকলাৰ বিষয়ে অধ্যয়নৰ সুবিধা লাভ কৰিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here