যুৱপ্ৰজন্মক স্বাৱলম্বিতাৰ এক সুন্দৰ পথ নিৰ্দেশন ডিগবৈৰ এগৰাকী যুৱক তৰুণ গগৈৰ

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়া, জুলাইঃ তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত এজন যুৱকে স্বাৱলম্বিতা এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে

চৰকাৰী চাকৰিৰ পিছত দৌৰি নুফুৰি নিজ শিল্প কলাৰে উজ্বলি উঠিছে ডিগবৈ পানবাৰী এই যুৱকজন, যুৱকজনে নিজে তাঁতশালত বিভিন্ন কাপোৰ বোৱাৰ উপৰিও গামোচাত ভাৰতৰ ৰাষ্ট্রীয় সংগীতজন গণ মন অধিনায়কগীতটো প্ৰস্তুত কৰি উলিয়াইছে

তৈল নগৰী ডিগবৈ পানবাৰী গাঁৱৰ এই যুৱকজনে সৰুৰে পৰা নিজৰ ঘৰতে হাতেৰে তাঁত শালত বিভিন্ন ধৰণৰ মেখেলা , চাদৰ, গামোচা, ৰুমাল, আদি বৈ বিক্ৰী কৰি নিজৰ ঘৰখন চলোৱাৰ লগতে নিজেৰ পঢ়া শুনা খৰছো উলিয়াই আহিছে

খুবেই আৰ্থিকভাৱে পিছ পৰা দৰিদ্ৰ পৰিয়ালৰ এইজন যুৱক হৈছে ডিগবৈ পানবাৰী গাওঁৰ তৰুণ গগৈ

এনেদৰে অতি কষ্ট মাজেদি তৰুণে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি আছে

তৰুণে তাঁতশালত নিজে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতজন গণ মনগীতটো গামোচাত বৈ উলিয়াইছে

তৰুণে ৰাষ্ট্ৰীয় সংগীতৰ নাম এনেদৰে জিলিকাবলৈ কৰা প্ৰয়াসেৰে নৱ প্ৰজন্মৰ মাজত এক সুন্দৰ আদৰ্শ হৈ পৰিছে

আজি পৰ্যন্ত কোনো চৰকাৰী সুবিধা লাভ নকৰা তৰুণ এতিয়া নিজৰ পৰিশ্ৰমৰ মাজেৰে শিপিনীসকলৰ স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শনও হৈ পৰিছে

তৰুণৰ এই প্ৰচেষ্টাক অঞ্চল বাসীয়ে ভুয়সী প্ৰসংসা কৰিছে

আমি প্ৰাগজ্যোতিষ পৰিয়ালৰ পৰাও তেওঁ উজ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here