প্ৰাগজ্যোতিষ বাৰ্তা ,তিনিচুকীয়া,২ জুলাইঃ সদৌ অসম ভোজপুৰী পৰিষদে যোৱা ৩০জুনত ভোজপুৰী পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত পশুৰাম ডুবেৰ প্ৰথম মৃত্যুৰ বাৰ্ষিকীৰ দিনটোক সংকল্প দিৱস হিচাপে উৎযাপন কৰে।
পৰিষদে প্ৰয়াত নেতাজনৰ প্ৰথম মৃত্যুৰ বাষিকীৰ দিনটোক কেন্দ্ৰীয়ভাৱে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সংকল্প দিৱস হিচাপে উদযাপন কৰে।
মাৰ্ঘেৰিটাৰ বালুখাদ স্থিত মাৰ্ঘেৰিটা হিন্দী হাইস্কুলত দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপিত হয়।
সদৌ অসম ভোজপুৰী পৰিষদে সংকল্প দিৱসৰ লগত সংগতিৰ ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হোৱাৰ ছাত্র –ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰাৰ লগতে এখন ভোজপুৰী কবি সন্মীলনৰো আয়োজন কৰে।
সংকল্প দিৱসৰ লগত সংগতি ৰাখি ভোজপুৰী পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে ৰক্ত পৰীক্ষা শিবিৰো আয়োজন কৰে শিৱিৰত।
ইয়াত ৩০০ লোকে নিজৰ নিজৰ তেজৰ নমুনা পৰীক্ষা কৰোৱাই ।
মাৰ্ঘেৰিটাত উৎযাপিত সংকল্প দিৱসত অসমৰ বিভিন্ন ঠাই পৰা বহু ভোজপুৰী লোকে অংশগ্ৰহণ কৰে।
পূৱা পৰিষদৰ পতাকা উত্তোলনৰে সংকল্প দিৱসৰ আৰম্ভণি কৰা হয় ।
পৰিষদৰ পতাকা উত্তোলন কৰে সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সভাপতি কৈলাশ কুমাৰ গুপ্তাই।
ইয়াৰ পিছতে প্ৰয়াত পৰশুৰাম ডুবেৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়।
দিনৰ ১১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত কৰা হয়।
মুকলি সভাত সভাপতিত্ব কৰে সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতি কৈলাশ কুমাৰ গুপ্তাই।
মুকলি সভাতে সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র–ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
আবেলি ৩ বজাৰ পৰা সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বৈঠক অনুষ্ঠিত হয়।
উক্ত সংকল্প দিৱসত সহস্ৰাধিক লোক উপস্থিত থাকি প্ৰয়াত নেতাজনৰ আদৰ্শৰে আগবাঢ়ি সমাজৰ হকে কাম কৰি যোৱাৰ দৃঢ় সংকল্প গ্ৰহণ কৰে।