৫৪ নং ৰাষ্ট্ৰীয়‌ ঘাইপথত উদ্ধাৰ নগাঁৱৰ যুৱতী

প্ৰাগজ্যোতিষ বাৰ্তা, লংকা,২জুলাইঃ হোজাই জিলাৰ লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয়‌ ঘাইপথৰ ফৰেষ্ট গেটৰ সমিপত সোমবাৰে নিশা উদ্ধাৰ হয় এগৰাকী যুৱতী।

উদ্ধাৰ হোৱা যুৱতী গৰাকীৰ ঘৰ নগাঁৱত।

যুৱতীগৰাকৰ ভাষ্য অনুসৰি জানিব পৰা মতে, লংকাৰ নতুন বজাৰৰ যুৱক মকছিদুল সহ আন এজন যুৱকে নগাঁৱৰ যুৱতীগৰাকীক আবেলি ৩ মান বজাত টাটাচুমু গাড়ীত লংকালৈ লৈ আহে আৰু লংকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথৰ ফৰেষ্ট গেটৰ সমীপত যুৱতী গৰাকীক অকলশৰে এৰি দুই যুৱক অন্তৰ্ধান হয়|

পিছত স্থানীয় ৰাইজে উদালী আৰক্ষীক খৱৰ দিয়াত লংকাৰ ফৰেষ্ট গেটৰ সমীপৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰি ডৱকাৰ মহিলা জিৰণী গৃহলৈ প্ৰেৰণ কৰে|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here