প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২ জুলাইঃ বিগত বছৰসমূহৰ দৰে এইবাৰো অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছ’চিয়েশ্বনে মঙলবাৰে গুৱাহাটীত বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস পালন কৰে।
অসমৰ ক্ৰীড়া সাংবিদকতাৰ অগ্ৰণী অনুষ্ঠানটোৱে এইবছৰ বিশ্ব ক্ৰীড়া সাংবাদিক দিৱসৰ সৈতে সংগতি ৰাখি বিশিষ্ট ক্ৰীড়া সাংবাদিক তথা ক্ৰীড়া সংগঠক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীক সম্বৰ্ধনা জনায়।
অৰ্জুন ভোগেশ্বৰ বৰুৱাই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰা মঙলবাৰৰ অনুষ্ঠানটোত আয়োজকসকলে বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ উপৰি ২০ হাজাৰ টকাৰ আৰ্থিক পুৰস্কাৰো প্ৰদান কৰে।
বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ গুৱাহাটীৰ ছাৰ্ভেৰ বাসগৃহলৈ গৈ সম্বৰ্ধনা জনোৱা অনুষ্ঠানত ভোগেশ্বৰ বৰুৱাৰ উপৰি প্ৰবীন ফটো সাংবাদিক তৰনী কান্ত বৰ্মন, জ্যোষ্ঠ ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈ, ক্ৰীড়া সংগঠকদ্বয় বিষ্ণুৰাম নুনিছা, মুকুট মেধি, ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্টৰ সভাপতি জয়ন্ত দাস আৰু সাধাৰণ সম্পাদক বিপুল বৰ্মন উপস্থিত আছিল।
সম্বৰ্ধনা গ্ৰহণ কৰি ২ জুলাইৰ বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস পালনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰাৰ লগতে ইলেক্ট্ৰ’নিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছনক ধন্যবাদ জনাই বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে।
একেটা অনুষ্ঠানতে অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰহৈ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহাই বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীক সম্বৰ্ধনা জনায়।
অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছনে বিগত দুটা বৰ্ষত ক্ৰমে বিশিষ্ট ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মা আৰু প্ৰবীন ফটো সাংবাদিক তৰণী কান্ত বৰ্মনক সম্বৰ্ধনা জনাইছিল।