অসমত বিজেপিৰ ‘ডিজিটেল ইণ্ডিয়া’ সপ্তাহ

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৩জুনঃ সমগ্ৰ দেশৰ লগতে অসমতো ৰাজ্যিক বিজেপিয়ে যোৱা পহিলা জুলাইৰ পৰা ‘ডিজিটেল ইণ্ডিয়া’ সপ্তাহ অব্যাহত ৰাখিছে।

এই উদ্দেশ্যে হেঙ্গেৰাবাৰীৰ ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক সভাত সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত ৩১ সংখ্যক অসমীয়া বিজেপি বাৰ্তা উন্মোচ কৰা হয়।

উক্ত দিনাই ডিজিটেল সজাগতা অভিযানৰো শুভাৰম্ভ কৰে বিজেপিৰ সভাপতিজনে। বিয়লি ৪ বজাত এই অভিযান কৰা ভঙাগড়স্থিত বিগ বজাৰত। ২ জুলাইৰ বিয়লি প্ৰায় ৪ বজাত উক্ত অভিযানৰ এখনি কাৰ্যসূচী সম্পন্ন কৰা হয় ভঙাগড়ৰ ‘ৰুদ্ৰাক্ষ’ নামৰ শ্বপিং মলটোত।

আজি উক্ত অভিযানৰ অংশ হিচাপে দিনৰ প্ৰায় ১০ বজাৰ পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ‘ডিজিটেল ইণ্ডিয়া’ৰ ওপৰত ভিত্তি কৰি পোষ্টাৰ অংকন, কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত হৈ যায়।

অহা ৪, ৬, আৰু ৭ জুলাইত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত ‘ডিজিটেল সজাগতা অভিযান’ৰ কাৰ্যসূচী সম্পন্ন কৰা হ’ব।

৫ জুলাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিয়লি ৪ বজাত মাধৱদেৱ প্ৰেক্ষাগৃহত পুৰস্কাৰ বিতৰণী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here