প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৩জুনঃ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ২১, ২২ আৰু ২৩ জুলাইত নলবাৰী জিলাৰ সাহপুৰ ৰাজঘাটত পূৰ্বৰ দৰে এইবাৰো শ্ৰীশ্ৰী মনসা আৰু অষ্টনাগ পূজাৰ আয়োজন কৰা হৈছে।
সাহপুৰ ৰাজঘাট সাৰ্বজনীন শ্ৰীশ্ৰী মনসা আৰু অষ্টনাগ পূজা সমিতিৰ উদ্যোগত আয়োজিত পূজা ভাগৰ তিনিও দিনৰ কার্যসূচীত স্বচ্ছ অভিযান,স্মৃতি তৰ্পণ, বৃক্ষ ৰোপণ,ভাগৱত পাঠ, অকুমাৰীৰ দ্বাৰা পানী তোলা অনুষ্ঠান, আয়তীৰ নাম প্ৰতিযোগিতা, সাংস্কৃতিক সন্ধিয়া আদি ভালেমান অনুষ্ঠান অনুষ্ঠিত হ’ব।
উক্ত কার্যসূচীত প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিকৰ পৰিচালন সম্পাদক খগেন শইকীয়াই বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰাৰ কথা।
তিনিও দিনৰ কার্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে।
Facebook Comments