কুমাৰীকাটাত গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ

প্ৰাগজ্যোতিষ বাৰ্তা,তামুলপুৰৰ পৰা ধীৰজ উপাধ্যায়,৩জুনঃ ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত আৰু এছ বি আই আৰছেটিৰ উদ্যোগত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত গাঁওলীয়া যুৱক-যুৱতীসকলৰ প্ৰশিক্ষণ চলাই থকা বুলি জানিব পৰা গৈছে।

৮ জুলাই ২০০৯ চনত স্থাপন হোৱা প্ৰশিক্ষণ প্ৰতিষ্ঠানটোত বৰ্তমানলৈকে এনেধৰণৰ প্ৰিশক্ষণ চলি আহিছে।

ইয়াৰে যোৱা বিত্তীয় বৰ্ষত ৪৪০ জন যুৱক-যুৱতীক বিভিন্ন শিতানত প্ৰশিক্ষণ আগবঢ়াইছে।

ইয়াৰে ২৭৯ জন যুৱক-যুৱতীয়ে প্ৰশিক্ষণ পুষ্ট হৈ স্বনিয়োজিত হ’বলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here