নুপূৰ কালচাৰেল একাডেমিৰ আৰাঙ্গেট্ৰাম আৰু ভাৰতনাট্যম নৃত্য মহোৎসৱ ২০১৯

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ৪ জুলাইঃ গুৱাহাটীৰ আগশাৰীৰ সাংস্কৃতিক শিক্ষাকেন্দ্ৰ নুপূৰে অহা ৬ জুলাইৰ ৫.৩০ বজাত মাছখোৱা প্ৰাগজ্যোতিষ সাংস্কৃতিক কেন্দ্ৰ (আই টি এ)মাছখোৱাত অনুষ্ঠিত কৰিব ২০১৯ বৰ্ষৰ আৰাঙ্গেট্ৰাম অনুষ্ঠান আৰু ভাৰতনাট্যম নৃত্য মহোৎসৱ।

আৰাঙ্গেট্ৰাম অনুষ্ঠান সাধাৰণতে শিক্ষাৰ্থীসকলৰ শিক্ষান্তত অনুষ্ঠিত কৰা হয়।

এই অনুষ্ঠানতে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নিজৰ পাৰদৰ্শীতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰাৰ লগতে প্ৰমাণ পত্ৰ আদিও লাভ কৰে।

এইবাৰৰ আৰাঙ্গেট্ৰাম তথা নৃত্যানুষ্ঠানত অংশ গ্ৰহণ কৰিব ক্ৰমে- সংগীতা সেন ডেকা(দিল্লী পাব্লিক স্কুল, গুৱাহাটীৰ দশম শ্ৰেণীৰ ছাত্ৰী), অৰিন্দিতা কাশ্যপ (ছেইণ্ট মেৰিজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, অষ্টম শ্ৰেণীৰ ছাত্ৰী),আদিশ্ৰী কৌশিক (দিল্লী পাব্লিক স্কুল, গুৱাহাটীৰ দশম শ্ৰেণীৰ ছাত্ৰী), নিষ্ঠা নাথ (গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, অষ্টম শ্ৰেণীৰ ছাত্ৰী),জ্যোতিস্মিতা দাস (গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নৱম শ্ৰেণীৰ ছাত্ৰী)ৰোজা বৰুৱা (হলিচাইল্ড স্কুল, গুৱাহাটীৰ নৱম শ্ৰেণীৰ ছাত্ৰী)কৃষাদ্বীপ শৰ্মা (লালান’ছ একাডেমি গুৱাহাটীৰ নৱম শ্ৰেণীৰ ছাত্ৰী),অস্মিতা বৰুৱা (আৰ্মি পাব্লিক স্কুল নাৰাঙগীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ),প্ৰিয়ম কৌৰ (মহাৰ্ষি বিদ্যা মন্দিৰ, শিলপুখুৰীৰ নৱম শ্ৰেণীৰ ছাত্ৰী)ঋষিকা মহন্ত (মাৰিয়াছ পাব্লিক স্কুল গুৱাহাটীৰ দশম শ্ৰেণীৰ ছাত্ৰী),প্ৰাৰ্থনা বৰকটকী (শ্ৰীমন্ত শংকৰদেৱ একাডেমী দিছপুৰৰ নৱম শ্ৰেণীৰ ছাত্ৰী), কৃষাংগী শৰ্মা(দিল্লী পাব্লিক স্কুল, গুৱাহাটীৰ নৱম শ্ৰেণীৰ ছাত্ৰী),ৰাগিণী কাশ্যপ (ডনবস্ক’ স্কুল গুৱাহাটীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী), ধৃতি শৰ্মা (ছেইণ্ট মেৰিজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, অষ্টম শ্ৰেণীৰ ছাত্ৰী), জিজ্ঞসা কাশ্যপ(আৰ্মি পাব্লিক স্কুল যোৰহাটৰ নৱম শ্ৰেণীৰ ছাত্ৰী), জিয়াশ্ৰী গোস্বামী (গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নৱম শ্ৰেণীৰ ছাত্ৰী)।

আনহাতে নুপূৰ কালচাৰেল একাডেমিয়ে অহা ৭ ৰ পৰা ১০ জুলাইলৈকে চানমাৰীৰ পণ্ডিত তীৰ্থ নাথ শৰ্মা ভৱনত গুৰু জয়ন্ত কাস্তুৱাৰ (প্ৰাক্তন অধ্যক্ষ, এছ এন এ)তত্বাৱধনত এখন অভিনয়া (অষ্টাপাদী)এখন কৰ্মশালাৰো আয়োজন কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here