নিজ হাজোত নৃশংস হত্যাকাণ্ডঃ মদ-জুৱাই বিষাক্ত কৰিছে পৰিবেশঃ নিৰ্বিকাৰ প্ৰশাসন

প্ৰাগজ্যোতিষ বাৰ্তা,নিজ হাজোৰ পৰা কিশোৰ ডেকা,৫জুনঃ হাজো পুলিচ থানাৰ অন্তৰ্গত নিজ হাজোৰ গাওঁৰ মহাদেৱ টোলা চুবুৰীত যোৱা ২জুনত এটা নৃশংস ঘটনা সংঘটিত হয়|নিজ হাজো মহাদেৱটোলা নিবাসী সুনীল দাসৰ পুত্ৰ পদুম দাস ওৰফে পদুম পিতাই (২৬) নিজ হাজো বৰাহট টোলাত ভাৰাতীয়া হিচপে বাস কৰা অনিল দাস ওৰফে গাছবেৰে (৪৫)ক মৰিয়াই মৰিয়াই নৃশংস ভাৱে হত্যা কৰে ।

স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে, অনিল দাসে মঙ্গলবাৰে ৰাতি পুৱা পাঁচমান বজাত পদুম দাসৰ ঘৰত গৈ মদ খাবৰ বাবে ২০ টকা খোজে ।

পদুম দাসে নিদিয়াত অনিল দাসে জোৰকৈ ধৰে সেই কথাটোত খং কৰি পদুম দাসে অনিল দাসক বৰ বেয়াকৈ প্ৰহাৰ কৰে ।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত অনিল দাসক ভৰ্তি কৰোৱা হৈছিল যদিও পাৰিবাৰিক সমস্যাৰ বাবে ঘৰলৈ লৈ আহে ।

যোৱা ৩জুনত দিনৰ ১২ মান বজাত তেওঁৰ মৃত্যু ঘটে ।

তথ্য অনুসৰি পদুম দাসো সেই সময়ত মদৰ নিচাত আছিল ।

উল্লখনীয় যে অত্যাধিক সুৰা সেৱনৰ ফলত অনিল দাসৰ স্বাস্থ্যৰ বৰ বেয়াকৈ অৱনতি ঘটিছিল ।

যোৱাকেইমাহমানৰ পৰা তেওঁ শাৰীৰিক ভাৱে অসুস্থ আছিল । তীৰ্থ তীৰ্থনগৰী হাজো, য’ত সুৰা বিপনীৰ বাবে চৰকাৰী অনুজ্ঞাপত্ৰ দিয়া নহয়, কিন্তু আজি হাজো অঞ্চলক নিচা আৰু জুৱাৰ কলা ডাৱৰে আৱৰি ধৰিছে ।

অবৈধ সুৰা,ভাং অথবা নিচা জাতীয় ঔষধৰ ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰসাশনৰ মৌনতা ৰহস্যজনক ।

নিচা সংক্ৰান্তীয় এইটো প্ৰথম ঘটনা নহয় এনেকুৱা সৰু বৰ ঘটনা হাজো অঞ্চলত প্ৰায়ে ঘটি থাকে ।

ভৱষ্যিতে আৰু ভয়ানক ঘটনা ঘটাৰ পূৰা সম্ভৱনা আছে যদিহে নিচা আৰু জুৱাৰ ওপৰত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে ।

পলাতক পদুম দাসক আইনে শাস্তি দিয়াৰ লগতে অবৈধ নিচা ব্যৱসায় আৰু জুৱাৰ ওপৰতো লেকাম লগাব লাগিব নহ’লে ৰক্তবীজৰ দৰে হাজাৰ হাজাৰ পদুম দাসৰ জন্ম হৈ থাকিব ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here