সংখ্যালঘু আৰু হিন্দু যুৱতীৰ ওপৰত পাকিস্তানে চলোৱা নিৰ্যাতন সম্পৰ্কত ৰাজ্যসভাত অৱগত কৰিলে মোডী চৰকাৰে

প্ৰাগ ডেস্ক, ৫জুলাইঃ মোডী চৰকাৰে বৃহস্পতিবাৰে ৰাজ্যসভাক জনায় যে, পাকিস্তানত সংখ্যালঘুসকলক যিধৰণে অত্যাচাৰ কৰা হৈছে, বিশেষত হিন্দু যুৱতীসকলক ‘বলপূর্বক ধৰ্মান্তৰ’ বিষয়টো অতিশয় উদ্বেগজনক, আনকি বিষয়টো পাকিস্তানকো জনোৱা হৈছে।

সাংসদ ৰাজকুমাৰ ধুতেৰ এটা প্রশ্নোত্তৰত ৰাজ্যিক বহিঃৰাষ্ট্ৰ মন্ত্ৰী ভি মুৰালিধৰণে কয় যে ‘অপহৰণ আৰু বলপূর্বক ধৰ্মান্তৰকৰণ ঘটনাৰ বিষয়ে চৰকাৰে গভীৰ উদ্বেগ প্রকাশ কৰিছে।

আনিক পাকিস্তানকো বিষয়টো মানি ল’বলৈ বাধ্য কৰাইছে।

পাকিস্তানেৰে আলোচনা মৰ্মে এইসমূহ অন্যায়, অত্যাচাৰৰ যথোপযুক্ত প্রতিকাৰমূলক পদক্ষেপ অথবা সংখ্যালঘুসকলৰ নিৰাপত্তা আৰু কল্যাণৰ বাবে সাংবিধানিক ব্যৱস্থা গ্ৰহণৰো কথা কোৱা হৈছিল।

সম্প্রতি অপহৰণ আৰু ছোৱালী আৰু শিশুৰ বলপূর্বক ধৰ্মান্তৰকৰণে পাকিস্তানতো আলোড়নৰ সৃষ্টি কৰিছে।

চৰকাৰে সময়ে সময়ে পাকিস্তানক সংখ্যালঘুয়ে সন্মুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে দৃষ্টি নিক্ষেপ কৰি আহিছে। আনকি অপহৰণ আৰু বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বিষয়তো তীক্ষ্ণ দৃষ্টি ৰাখিছে

এই বছৰৰে প্ৰথম ভাগত দুটা হিন্দু শিশু ভগ্নীক আৰু দুগৰাকী যুৱতীক পাকিস্তানৰ চীন প্ৰদেশৰ পৰা অপহৰণ কৰি বলপূৰ্বকভাৱে ইছলামলৈ ধৰ্মান্তৰকৰণ কৰা হৈছিল।

ইয়াৰ উপৰিও ভালেমান এনেকুৱা অঘটন ঘটিয়ে আছে যিবিলাক তাৰ স্থানীয় কাকতসমূহে প্ৰকাশ কৰা নাই।

সংখ্যালঘু আৰু মানৱাধিকাৰ বিষয়ত পাকিস্তানৰ এটি দুৰ্নাম ইতিমধ্যে বিশ্বব্যাপী আছে আৰু এই সম্পৰ্কত পাকিস্তানে যে সৰহভাগ বাৰ্তালাপকে নসাৎ কৰি আহিছে সেই বিষয়েও আন্তঃজাৰ্তিক সংস্থা সংগঠনসমূহ জ্ঞাত।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here