লংকাত প্ৰতাৰিত হ’ল বোকাজানৰ যুৱতী

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৫জুলাইঃ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত আজিও শোষণৰ বলি হৈ আছে নাৰী সমাজ।পদে পদে লাঞ্চিত হ’ব লগা হৈছে নাৰী।

তেনে এক ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে লংকাত।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি,লংকা আৰক্ষী থানাৰ অন্তৰ্গত লংকা ফৰেষ্ট গেইটৰ নিবাসী বিষ্ণু কলিতাৰ পুত্ৰ কৃষ্ণ কলিতাই কৌশলগতভাৱে প্ৰেমৰ জাল পেলাই ৭ মাহ পূৰ্বে বোকাজানৰ পৰা লংকাৰ নিজ গৃহলৈ পলুৱাই আনিছিল এগৰাকী যুৱতীক।

লংকালৈ আনি যুৱতী গৰাকীৰ মাতৃ গৃহত খৱৰ দিয়াত যুৱতী গৰাকীৰ সমন্ধীয় লংকালৈ আহি দুয়োকে কিছু দিনৰ পিছত বিবাহ কৰাই দিয়া হব বুলি এক আলোচনা হৈছিল|

উল্লেখ যে, যুৱতীগৰাকীক কৃষ্ণ কলিতাই পলুৱাই অনা সময়ত হোৱা নাছিল ১৮ বছৰ বয়স|

পিছত দিন পাৰ হৈ যোৱাৰ লগে লগে কৃষ্ণ কলিতা আৰু পৰিয়ালৰলোকে যুৱতী গৰাকীৰ লগত নানান অকথ্য শাৰিৰীক তথা মানসিক নিৰ্যাতন চলোৱাৰ লগতে যৌতুক বিচাৰি হাৰাশাস্তি কৰি আনুষ্ঠানিকভাৱে বিবাহ কৰিবলৈ অমান্তি হৈ মাতৃ গৃহলৈ যুৱতী গৰাকীক পঠিয়াই দিয়ে।

পিছত উপায়হীন হৈ বৰ্তমান যুৱতীগৰাকীৰ পৰিয়ালৰ লোক লংকা আৰক্ষী থানাৰ দ্বাৰস্থ হৈ স্বাৰ্থলোভী কৃষ্ণ কলিতাৰ লগতে কৃষ্ণৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here